জনীয়া, 31 মে' :জনীয়া সমষ্টিৰ উদমাৰীত পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে (Corruption in road construction at Jania)৷ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ শওঁপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত উদমাৰীত পঞ্চদশ আঁচনিৰ পেভাৰ ব্লকৰ কামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অনিয়মৰ অভিযোগ ৷ নিৰ্মাণৰ পিছতেই সম্পূৰ্ণৰূপে ছিগিল পঞ্চদশ আঁচনিৰ পথ ।
ৰাইজৰ অভিযোগ মতে, বালি মাটিৰে ৰোলাৰ নমৰাকৈ উক্ত পথটি নিৰ্মাণ কৰাত বৰষুণৰ ফলত খহিল পেভাৰ ব্লকৰ পথ । উল্লেখ্য যে, উদমাৰী ৰাজ্যিক ঘাইপথৰ পৰা ছবুৰ উদ্দিন নামৰ লোকজনৰ ঘৰলৈ যোৱা পেভাৰ ব্লকৰ পথ নিৰ্মাণৰ বাবে ২ লাখ ৫০ হাজাৰ টকা চৰকাৰে আৱন্টন দিছিল যদিও, পথটো প্ৰায় দুমাহ পূৰ্বে শওঁপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আলতাফ হুছেইনে তিনি ভাগৰ এক অংশ কাম কৰি ব্যাপক অনিয়মেৰে বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ।