অসম

assam

ETV Bharat / state

জনীয়াত সমষ্টি উন্নয়ন পুঁজিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - plateform repairing corruption

জনীয়া সমষ্টিত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ কামত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । তথ্য জনাৰ অধিকাৰ আইনে উদঙালে জনীয়াৰ আমগুৰি গাঁৱৰ ওখ ভেটি মেৰামতিৰ কামৰ সীমাহীন দুৰ্নীতিৰ তথ্য ।

corruption in platform repairing in jania
জনীয়াত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ কামত ব্যপক দুৰ্নীতি

By

Published : Jun 5, 2021, 8:38 PM IST

জনীয়া, 5 জুন :জনীয়া সমষ্টিৰ অন্তৰ্গত আমগুৰি ওখভেটি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে । জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ বিগত কাৰ্যকালত কলগাছিয়াৰ আমগুৰি গাঁৱত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ ৮ লাখ টকা ব্যয় সাপেক্ষে বাঢ়নী পানীত আশ্ৰয়স্থল বা ওখভেটি মেৰামতিৰ কামত সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ।

জনীয়াত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ কামত ব্যপক দুৰ্নীতি

সমাজ সেৱক ফৰুক খানে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আনিছে এই ভয়াৱহ দুৰ্নীতিৰ তথ্য । ৫০-৬০ হাজাৰ টকা খৰচ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আমগুৰি গাঁৱৰ অধিবক্তা নুৰুল ইছলাম, মজিবৰ ৰহমান আৰু মোতালেব নামৰ ব্যক্তি তিনিজনে ব্যাপক দুৰ্নীতি কৰি মাত্ৰ ৩৬ গাড়ী মাটি পেলাই সমূহ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

এই আশ্ৰয়স্থলত ৮ লাখ টকা ব্যয় সাপেক্ষে এটা লেট্ৰিন আৰু মাটি পেলোৱা কামৰ ভিতৰত লেট্ৰিনৰ আধা কাম কৰিয়েই কাম সামৰিছে লগতে অধিবক্তা নুৰুল ইছলামৰ পিতৃয়ে এটা টিনপাতৰ ঘৰৰ টিন খুলি লৈ যোৱা বুলি ৰাইজে অভিযোগ কৰিছে । অসমৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰি নিৰ্বাচিত বিধায়কৰ এটা বাস্তৱ জীয়া কলংকিত কাহিনী বুলি মন্তব্য কৰে ফাৰুক খানে । চৰকাৰক অতি শীঘ্ৰেই দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক :মুষলধাৰ বৰষুণত কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ

ABOUT THE AUTHOR

...view details