অসম

assam

ETV Bharat / state

চিৰাজউদ্দিন আজমলৰ সাংসদ পুঁজিত ব্যপক লুণ্ঠন ! - প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমল

প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলৰ সাংসদ পুঁজিত ব্যাপক কেলেংকাৰীৰ অভিযোগ উঠিছে । কাগজে কলমে কাম ১০০ শতাংশই সম্পূৰ্ণ হৈছে যদিও বাস্তৱত কোনো কামেই হোৱা নাই । গুৰুতৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মী ফাৰুক খানে ।

প্ৰাক্তন সাংসদ চিৰাজউদ্দিন আজমলৰ সাংসদপুঁজিৰ ব্যপক লুণ্ঠন

By

Published : Jun 6, 2021, 10:57 PM IST

জনীয়া,৬ জুন : বানৰ সময়ত গৰাখহনীয়া পৰিদৰ্শন কৰা নেতা সকলৰ উজান উঠা দেখা যায় । কিন্তু কৰ্মৰ সময়ত ৰাইজলৈ পিঠি দি কেৱল দুৰ্নীতি হোৱা দেখা যায় । ৰাইজক প্ৰতিশ্ৰুতি দি পিছত ব্যাপকভাৱে কেলেংকাৰী সংঘটিত হয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত । বৰপেটা জিলাতো তেনে কেলেংকাৰীৰ এক অভিযোগ উঠিছে । বৰপেটাৰ প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলৰ সময়ত হোৱা কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছে এগৰাকী আৰ টি আই(RTI) কৰ্মীয়ে ।

তেওঁৰ অভিযোগ অনুসৰি প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলৰ সাংসদ পুঁজিৰ ২০১৬ -১৭ বৰ্ষৰ ৫০ লাখ আৰু ২০১৮-১৯ বৰ্ষৰ ২৫ লাখ টকাৰ বল্ডাৰ পিটছিং বান্ধৰ(boulder pitching dams) নমুনা একেবাৰে নিম্নস্তৰৰ । সামান্য কাম কৰিয়েই ৭৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ আৰ টি আই কৰ্মী ফাৰুক খানৰ ।

তেওঁৰ মতে সেই সময়ত এ আই ইউ ডি এফ দলৰ(AIUDF) বিধায়ক তথা অসমৰ ভিতৰত সৰ্বাধিক ভোট পাই নিৰ্বাচিত হোৱা বৰ্তমানৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে বিভিন্ন ঠাইত গৰাখহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়াগ্ৰস্ত লোকক কেৱল সান্তনা দি আছে । ফাৰুক খানৰ অভিযোগ ক্ষমতা হাতত থকাৰ সময়ত কাম কৰাৰ পৰিৱৰ্তে এতিয়া তেওঁলোকে ঘৰিয়ালৰ চকু পানী টুকি আছে । কেৱল কাগজে কলমে ১০০ শতাংশই কাম কৰা হৈছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী ফাৰুক খানে ।

লগতে পঢ়ক:হোজাইত সাংবাদিক সন্থাৰ ব্যৱস্থাপনাত মুকলি প্ৰতিষেধক কেন্দ্ৰ

ABOUT THE AUTHOR

...view details