বৰপেটা, 4 জুলাই :বৰপেটা জিলাৰ জনীয়া গাঁও পঞ্চায়তত বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে আৱন্টন দিয়াৰ টকাৰ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলীয়ে নাম মাত্ৰ কাম কৰি আঁচনিৰ সমস্ত ধন হৰলুকি কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
ৰাজ্যৰ প্ৰতিটো গাঁও পঞ্চায়তত 14 অৰ্থ আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে কোটি কোটি টকা আবন্টন দিছে । বৰপেটা জিলাৰ ৮১ নং জনীয়া গাঁও পঞ্চায়তে চলিত বৰ্ষত প্ৰায় দুই কোটি টকা আবন্টন দিয়া হৈছিল। পঞ্চায়তটোৰ 7 নং খণ্ডৰ 3 লাখ 16 হেজাৰ টকা আবন্টন কৰা এটা ৰাস্তাত মাত্ৰ 20 মিটাৰ ঠাইত কিছু মাটি পেলাই বাকী টকা খণ্ডটোৰ সদস্যগৰাকীৰ লগত বুজাবুজিৰে সভাপতি ছাবেদ আলীয়ে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । দুৰ্নীতিত অভিলেখ গঢ়িবলৈ সক্ষম হোৱা কমিচন মাষ্টৰ জনীয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলীয়ে প্ৰতিটো কামৰ বিপৰীতে শতকৰা 14 টকা কমিছন লোৱাৰ অভিযোগ উত্থাপন হৈছে ।