জনিয়া, 11 জুলাইঃ জনিয়াত প্ৰাধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে ৷ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮১ নং জনিয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলী, সচিব ছফিউৰ ৰহমান আৰু খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ ৷ গৃহ প্ৰদানৰ নামত পঞ্চায়তৰ উক্ত সদস্য কেইগৰাকীয়ে হিতাধিকাৰীৰ পৰা দীৰ্ঘদিনে লৈ আহিছে উৎকোচ ৷ দিন হাজিৰা কৰি, ঠেলা চলাই জীৱন নিৰ্বাহ কৰি থকা কেইবাগৰাকীও লোকৰ পৰা তেওঁলোকে ঘৰ দিয়াৰ নামত লৈ আহিছে টকা ৷
জনিয়াত প্ৰাধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানত দুৰ্নীতিৰ অভিযোগ - জনিয়া
মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮১ নং জনিয়া গাঁও পঞ্চায়তৰ একাংশ কৰ্মকৰ্তাৰ বিৰুদ্ধে স্থানীয় ৰাইজে বৰপেটা থানাত দাখিল কৰিছে এজাহাৰ ৷ প্ৰাধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে লোক কেইগৰাকীৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, আঁচনিৰ অধীনৰ গৃহ লাভৰ আশাৰে আৰ্থিকভাৱে দুৰ্বল লোকসকলে অলংকাৰ, ধান আদি বিক্ৰী হ'লেও প্ৰদান কৰিছে ধন ৷ দিন হাজিৰা কৰি খোৱা জামাল উদ্দিন আৰু ঠেলা চালক শুকুৰ আলীৰ নামৰ দুগৰাকী লোকৰ পৰা ২৫ হাজাৰৰো অধিক ধন লোৱাৰ বিপৰীতে আম্বাজ আলী নামৰ লোক এগৰাকীৰ পৰা 10 শহস্ৰাধিক টকা লোৱা বুলি জানিব পৰা গৈছে ৷ খণ্ড উন্নয়ন বিষয়া, সভাপতি, সম্পাদক আদি লোকক গৃহ নিৰ্মাণ কৰি দিয়াৰ বাবদ টকা প্ৰদান কৰিব লাগিব বুলি কৈ, পঞ্চায়তটোৰ সদস্য ৰৌশনাৰা নামৰ মহিলাগৰাকীৰ স্বামী খাইৰুল ইছলামে সংগ্ৰহ কৰি আহিছে ধন ৷ সম্প্ৰতি ভুক্তভোগী ৰাইজে এই কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি , বৰপেটা সদৰ আৰক্ষী চকীত ইয়াৰ উচিত তদন্ত বিচাৰি এখন এজাহাৰ দাখিল কৰিছে ৷