জনীয়া, ২৪ মাৰ্চ :ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে জল জীৱন মিছন (Jal Jeevan Mission) । কিন্তু কলগাছিয়াৰ ৰুভি গাঁৱৰ প্ৰথম খণ্ডত জল জীৱন মিছন আঁচনিৰ নামত চলিছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম (Scam in JJM at Kalgachia) । ঠিকাদাৰ ৰমেজ উদ্দিন আহমেদৰ ছত্ৰছায়াত কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজক পৰিত্ৰাণ দিবলৈ ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে (central govt JJM scheme) ।
চৰকাৰে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে সুকীয়া পানীৰ টেপৰ ব্যৱস্থা কৰিছে । কিন্তু ৰুভি গাঁৱত এই আঁচনি ৰূপায়ণত সংঘটিত হৈছে অনিয়ম । চৰকাৰে ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ গৃহত একোটাকৈ কাৰ্যক্ষম পানীৰ টেপ সংযোগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে । চৰকাৰৰ এই পৰিকল্পনাৰ পিছতেই ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ হ'ব বুলি আশা কৰিছিল । পিছে এই আঁচনিখন ৰূপায়ণৰ বাবে চৰকাৰে যিমানেই ক্ষিপ্ৰগতিত কাম কৰিছে, সিমানেই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Corruption in Jal Jeevan Mission at Kalgachia) ।