জনীয়া, 28 ছেপ্টেম্বৰ:ৰাজ্যৰ সমাজ কল্যাণ বিভাগে অংগনবাদী কেন্দ্ৰসমূহ নবীকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে একাংশ অংগনবাদী কৰ্মীয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত এখন অংগনবাদীলৈ অহা শিশুৰ খাদ্য-সামগ্ৰীসমূহ অংগনবাদীখনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যই বিতৰণ নকৰি আত্মসাৎ কৰাৰ অভিযোগ (Corruption in distribution of children's food) উত্থাপন কৰিছে স্থানীয় লোকে ৷
ফলত অংগনবাদী কেন্দ্ৰটোত এক এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে ৷ ইফালে কেমেৰাৰ সন্মুখত চাউল ভগাই লোৱাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰে পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে (Rice scam at Jania) ৷ ঘটনা অনুসৰি, অংগনবাদী কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি আব্বাছ আলী আৰু সদস্য মাজিদুল ইছলামে সকলো খাদ্য বস্তু নামমাত্ৰ বিতৰণ দেখুৱাই বাকী ৭১ কিলোগ্ৰাম চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷