অসম

assam

ETV Bharat / state

চেঙাত লাটমণ্ডলৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ - চেঙা ৰাজহ চক্ৰ

চেঙা ৰাজহ চক্ৰৰ অধীনস্থ 7 নং লাটৰ বাটগাঁওৰ লাটমণ্ডল কানাই চন্দ্ৰ মজুমদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ লাটমণ্ডল গৰাকীৰ বিৰুদ্ধে 10 হাজাৰ টকাৰ পৰা 40 হাজাৰ টকালৈকে উৎকোচ লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ জিলা উপায়ুক্ত আৰু চেঙা ৰাজহ চক্ৰৰ পূৰ্বৰ চক্ৰ বিষয়াক লিখিত অভিযোগ নামা দাখিল ভুক্তভোগী ৰাইজৰ ৷

corruption complain against latmandal
লাটমণ্ডলৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : Dec 25, 2020, 1:45 PM IST

বৰপেটা,25 ডিচেম্বৰ : বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অধীনস্থ 7 নং লাটৰ বাটগাঁওৰ লাটমণ্ডল কানাই চন্দ্ৰ মজুমদাৰৰ বিৰুদ্ধে উত্থাপন হৈছে বহু দুৰ্নীতিৰ অভিযোগ ৷ লাটমণ্ডল গৰাকীৰ ওপৰত অতিষ্ঠ হৈ পৰিছে বাটগাঁৱৰ একাংশ দৰিদ্ৰ লোকে ।

মাটিৰ নামজাৰি, ম্যাদী, ভাগ-বটোৱাৰাৰ নামত এইগৰাকী লাটমণ্ডলে 10 হাজাৰ টকাৰ পৰা 40 হাজাৰ টকালৈকে উৎকোচ লোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী লোকসকলে । আনকি এগৰাকী বিধৱা মহিলাক মৃত সজাই মহিলাগৰাকীৰ অজ্ঞাতে মাটিৰ ভাগ-বটোৱাৰা কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

লাটমণ্ডলৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

লাটমণ্ডল কানাই চন্দ্ৰ মজুমদাৰৰ বিৰুদ্ধে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী ৰাইজে । ইয়াৰ পূৰ্বেও বাটগাঁৱৰ ভুক্তভোগীসকলে জিলা উপায়ুক্ত আৰু চেঙা ৰাজহ চক্ৰৰ পূৰ্বৰ চক্ৰ বিষয়াক লিখিত অভিযোগ নামা দাখিল কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ।

কানাই চন্দ্ৰ মজুমদাৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে স্থানীয় ৰাইজৰ মাজত ৷

লগতে পঢ়ক :দুবছৰীয়া হ'ল হেঁপাহৰ সেতু বগীবিল

ABOUT THE AUTHOR

...view details