জনিয়া, ১১ মে': কলগাছিয়াৰ ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২১২ নং দক্ষিন বালাৰপাথাৰ অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ অভিভাৱকে । কেন্দ্ৰটোৰ কৰ্মী দেলোৱাৰা খাতুনে শিশু খাদ্যৰ ধন আত্মসাত কৰাৰ লগতে নিয়মিতভাৱে পাঠদান নকৰাৰ অভিযোগত অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
কলগাছিয়াৰ অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - ETV BHARAT
কলগাছিয়াৰ ২১২ নং দক্ষিন বালাৰপাথাৰ অংগনৱাড়ী কেন্দ্ৰত কৰ্মী দেলোৱাৰা খাতুনৰ বিৰুদ্ধে শিশু খাদ্যৰ ধন আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় অভিভাৱকে । এই লৈ এতিয়া অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।
কলগাছিয়াৰ ২১২ নং দক্ষিন বালাৰপাথাৰ অংগনৱাড়ী কেন্দ্ৰ
দুৰ্নীতি সন্দৰ্ভত কোনো লোকে প্ৰশ্ন উত্থাপন কৰিলেই ধৰ্ষণৰ মিছা গোচৰ দিয়াৰ ভাবুকি প্ৰদান কৰে কৰ্মী দেলোৱাৰা খাতুন আৰু কেন্দ্ৰ পৰ্যবেক্ষিকা আকলিমা খাতুনে । আনহাতে, প্ৰকল্প বিষয়া উজালা খাতুনৰ বিৰুদ্ধেও উত্থাপিত হৈছে ধন আত্মসাতৰ অভিযোগ ।