অসম

assam

By

Published : Nov 15, 2019, 1:41 PM IST

ETV Bharat / state

জনীয়া ৰাজ্যিক চিকিৎসালয়ত দুৰ্নীতিঃ ভুৱা চহীৰে গাণনিকে সৰকালে হিতাধীকাৰীৰ ধন

বৰপেটা জিলাৰ জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে,উক্ত চিকিৎসালয়ত কৰ্মৰত চিকিংসক তথা গাণনিক গৰাকীয়ে ভুৱা চহীৰে হিতাধিকাৰীৰ ধন মোকোলাই নিয়াৰ কথা পোহৰলৈ আহিছে, এই দুৰ্নীতিৰ বিৰুদ্ধে বৰপেটা যুটীয়া স্বাস্থ্যসঞ্চালকে কি স্থিতি গ্ৰহণ কৰিব সম্প্ৰতি এইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে ৷

জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ হিতাধীকাৰীৰ

জনীয়া, 15 নৱেম্বৰ: বৰপেটা জিলাৰ জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত চিকিৎসালয়ত কৰ্মৰত চিকিংসক তথা গাণনিক গৰাকীয়ে ভুৱা চহীৰে হিতাধিকাৰীৰ ধন মোকোলাই নিয়াৰ কথা পোহৰলৈ আহিছে । উক্ত ঘটনাৰ সৈতে ডাঃ ছামাদ আলী আৰু শ্বাহজাহান আলী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । ৰাজ্যৰ স্বাস্থ্যবিভাগে ‘জননী সুৰক্ষা যোজনা’ নামৰ এক আঁচনিৰ জৰিয়তে প্ৰসূতিক১৪শ টকা প্ৰদান কৰি আহিছে । কিন্তু চিকিৎসালয় খনত সেই ধন প্ৰদান কৰাৰ বিপৰীতে আত্মসাৎ কৰাৰ এক ভয়ংকৰ তথ্য সম্প্ৰতি জানিব পৰা গৈছে ।

জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ হিতাধীকাৰীৰ

ঘটনাৰ বিৱৰণী মতে, মফিদা খাতুন নামৰ এগৰাকী প্ৰসূতিয়ে ২০১৫ চনৰ ২৭ আগষ্টত এগৰাকী কন্যা সন্তান জন্ম দিয়ে । অথচ প্ৰসূতি গৰাকীয়ে আজিকোপতি প্ৰাপ্য ধনখিনি পোৱা নাই । মহিলা গৰাকীয়ে চিকিৎসালয়লৈ তাঁতবাতি কৰিও ধনখিনি মোকলাব নোৱাৰিলে । শেষত ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে চিকিৎসালয়ৰ গাণনিক শ্বাহজাহান আলীক সোধ-পোচ কৰে ৷ ইতিপূৰ্বেই ধনখিনি মোকলাই নিয়া বুলি গাণনিকজনে মহিলা গৰাকীৰ স্বামীক জানিবলৈ দিয়ে । উপায়ন্তৰহৈ মফিদাৰ স্বামীয়ে ঘটনাটো সাংবাদিকৰ আগত অৱগত কৰে ৷ সাংবাদিকে প্ৰসূতি গৰাকীৰ চহীৰ নমুনা মিলাই চোৱাৰ পিছত এই কথা ধৰা পৰে ৷ বৰ্তমানলৈকে প্ৰায় ৩০গৰাকীৰো অধিক প্ৰসূতিৰ ধন একেগৰাকী ব্যক্তিয়ে ভুৱাচহীৰে উলিয়াই নিয়াৰ কথা পোহৰলৈ আহে । এইক্ষেত্ৰত বিশেষকৈ গাণনিক গৰাকীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলি টোৱাইছে স্থানীয় ৰাইজে । উক্ত ঘটনাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰিছে চিকিৎসক গৰাকীয়ে । এই দুৰ্নীতিৰ বিৰুদ্ধে বৰপেটাযুটীয়া স্বাস্থ্যসঞ্চালকে কি স্থিতি গ্ৰহণ কৰিব সম্প্ৰতি এইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে ৷

লগতে চাওক:কামাখ্যা জংচনত উৰিল ১০ লাখ টকীয়া ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

...view details