জনীয়া ,১৬ ছেপ্টেম্বৰ :ৰাজ্যত অব্যাহত আছে ক'ভিড প্ৰতিষেধক (Covid vaccine) প্ৰদান কাৰ্যসূচী । বিভিন্ন জিলাত স্বাস্থ্য বিভাগে (Health Department) প্ৰতিষেধক প্ৰদানৰ বিশেষ কাৰ্যসূচী হাতত লৈছে । কিন্তু ইয়াৰ মাজতে অনলাইন পঞ্জীয়নৰ (Online register) নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে ।
বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰত অনুৰূপ ঘটনা সংঘটিত হোৱাকলৈ এক বাতৰি সম্প্ৰচাৰ হৈছিল । তাৰ পাছতে সষ্টম হৈছে প্ৰশাসন । কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকামীয়া বালাৰপাথাৰস্থিত ক'ভিড প্ৰতিষেধক কেন্দ্ৰত (Vaccination center) উপস্থিত হয় আৰু সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ।
কলগাছিয়াত ক'ভিড প্ৰতিষেধক কেন্দ্ৰত দুৰ্নীতি উল্লেখ্য যে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰৰ সন্মুখত অনলাইন পঞ্জীয়ন কৰি কুপনৰ (Coupon) নামত ১০ টকাকৈ সংগ্ৰহ কৰিছিল একাংশ লোকে । কিন্তু চৰকাৰে ক'ভিডৰ (Covid) সম্পূৰ্ণ খৰচ বহন কৰাৰ পাছতো ৰাইজৰ পৰা ১০ টকাকৈ অবৈধ বাবে সংগ্ৰহ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে কেন্দ্ৰটোত প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে । কেইদিনমান পূৰ্বে চক্ৰ বিষয়াই গাঁওবুঢ়াৰ যোগেদি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছিল যে চৰকাৰে যোগান ধৰা ক'ভিড প্ৰতিষেধক সম্পূৰ্ণৰূপে বিনামূলীয়া ।
তাৰ পাছতো চক্ৰ বিষয়াৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশই আৰম্ভ কৰিছিল ধন সংগ্ৰহৰ অবৈধ বেহা । এই ঘটনাৰ পাছতে চক্ৰ বিষয়াগৰাকী প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উপস্থিত হৈ ৰাইজক পুনৰ সজাগ কৰিবলৈ চেষ্টা কৰে । ইফালে যি সকলে অনলাইন পঞ্জীয়নৰ নামত টকা সংগ্ৰহ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও চক্ৰ বিষয়াই সাংবাদিকক জানিবলৈ দিয়ে ।
লগতে পঢ়ক :থিয় নামৰ আখৰাত ব্যস্ত কলিয়াবৰৰ বাঘৰচুক গাঁৱৰ ৰাইজ