জনীয়া, 10 জুলাইঃকলগাছিয়াৰ চেনীমাৰীত দলঙৰ এপ্ৰ'চ মেৰামতিৰ কামত আঁচনিৰ মতে কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজ তথা দল সংগঠনে। লক ডাউনৰ সুবিধা গ্রহণ কৰি কলগাছিয়াৰ পৰা মইনবড়ীলৈ যোৱা পথৰ চেনীমাৰিত অৱস্থিত দলঙৰ এপ্ৰ'চ মেৰামতিৰ কামত ঠিকাদাৰ আব্দুছ ছামাদে ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে
জনীয়াত দলং মেৰামতিৰ নামত অনিয়মৰ অভিযোগ - কৃষক মুক্তি সংগ্ৰাম সমিতি
SOPD আঁচনিৰ অধীনত জিঅ' বেগেৰে দলঙৰ এপ্ৰ'চ মেৰামতিৰ বাবে ঠিকাদাৰ নয়ন জ্যোতি তালুকদাৰে ৬৫ লাখ টকা আবণ্টন পাইছিল যদিও, ঠিকাদাৰজনে কামটো নিজে নকৰি আব্দুছ ছামাদক হস্তান্তৰ কৰে। ছামাদে আৰম্ভণিৰে পৰা অতি নিম্নমানদণ্ডৰ কাম কৰা বুলি অভিযোগ কৰে ৰাইজে।
জানিব পৰা মতে, SOPD আঁচনিৰ অধীনত জিঅ' বেগেৰে দলঙৰ এপ্ৰ'চ মেৰামতিৰ বাবে ঠিকাদাৰ নয়ন জ্যোতি তালুকদাৰে ৬৫ লাখ টকা আবণ্টন পাইছিল যদিও, ঠিকাদাজনে কামটো নিজে নকৰি আব্দুছ ছামাদক হস্তান্তৰ কৰে। ছামাদে আৰম্ভণিৰে পৰা অতি নিম্নমানদণ্ডৰ কাম কৰা বুলি অভিযোগ কৰে ৰাইজে। দলঙখনৰ কাম নিম্নমানৰ হোৱাৰ ফলত শীঘ্ৰেই দলঙৰ এপ্ৰ'চ খহি যাব বুলি ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সন্দেহ প্ৰকাশ কৰিছে।
আনহাতে, ঠিকাদাৰৰ এনে কাণ্ডক উদঙাবলৈ স্থানীয় সংগঠনে সাংবাদিকক খবৰ দিয়ে ৷ এই বিষয়ে জানিবলৈ পাই ঠিকাদাৰ আব্দুছ ছামাদে আব্দুল ৱাহাব নামৰ এজন লোকক লগাই সংগঠনৰ কৰ্মকৰ্তাক দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে ঠিকাদাৰজনৰ বিৰুদ্ধে ।