অসম

assam

ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত মৃত্যু কৰ'ণা আক্ৰান্ত আৰক্ষী বিষয়াৰ - Sarthebari Police

কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটিছে এগৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ ৷ মৃত্য়ু হোৱা ৰোগীগৰাকী সৰ্থেবাৰী থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ কামেশ্বৰ লহকৰ (৫৫) বুলি জানিব পৰা গৈছে । অসম আৰক্ষীৰ ৰেডিঅ' শাখাৰ বিষয়া হিচাপে কৰ্মৰত আছিল লহকৰ ৷

Corona positive patient died in barpeta assam etv bharat news
কৰ’ণা ৰোগীৰ মৃত্যু

By

Published : Aug 21, 2020, 7:20 PM IST

Updated : Aug 22, 2020, 6:52 AM IST

জনীয়া,21 আগষ্ট:বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটিছে এগৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ ৷ মৃত্য়ু হোৱা ৰোগীগৰাকী সৰ্থেবাৰী থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ কামেশ্বৰ লহকৰ (৫৫) বুলি জানিব পৰা গৈছে । অসম আৰক্ষীৰ ৰেডিঅ' শাখাৰ বিষয়া হিচাপে কৰ্মৰত আছিল লহকৰ ৷ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে লহকৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন গৃহত ভৰ্তি হৈ আছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ভৰ্তি কৰোৱা হয় কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ৷

কৰ’ণা ৰোগীৰ মৃত্যু

অৱশেষত শুকুৰবাৰে পুৱা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । বিষয়াগৰাকী পূৰ্বে বহুমূত্ৰ ৰোগৰ লগত আন বহুকেইটা ৰোগতো আক্ৰান্ত আছিল চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ মৃত বিষয়াগৰাকী বিজনী আৰক্ষী থানাত কৰ্মৰত আছিল ৷

লগতে চাওকঃবিশ্বনাথত প্ৰাণ হেৰুৱালে পাঁচমহীয়া পোৱালী হাতীয়ে

Last Updated : Aug 22, 2020, 6:52 AM IST

ABOUT THE AUTHOR

...view details