অসম

assam

ETV Bharat / state

কৰ'ণাৰ প্ৰাদুৰ্ভাৱ: ক্ষতিগ্ৰস্ত বস্ত্ৰ ব্যৱসায়ী - business persons

শাৰদীয় পূজাৰ বতৰতো বস্ত্ৰ ব্যৱসায়ী সকলৰ অৱস্থা আগৰ দৰে টনকিয়াল নহয় চলিত বৰ্ষত ৷ চলিত বৰ্ষতো যেন এক আতংকময় আৰু প্ৰত্যাহ্বানৰ বৰ্ষ হিচাপে চিহ্নিত হৈ ৰ'ব বিশ্বৰ ইতিহাসত ৷

ক্ষতিগ্ৰস্ত বস্ত্ৰ ব্যৱসায়ী
ক্ষতিগ্ৰস্ত বস্ত্ৰ ব্যৱসায়ী

By

Published : Oct 20, 2020, 5:08 PM IST

পাঠশালা, 20 অক্টোবৰ: এটা আতংকময় আৰু প্ৰত্যাহ্বানৰ বৰ্ষ হিচাপে বিশ্বজুৰি যেন চিহ্নিত হৈ ৰ'ব 2020 বৰ্ষ ৷ কৰ'ণাৰ প্ৰাদুৰ্ভাৱৰ বাবে হোৱা লক ডাউনৰ ফলত আন আন ক্ষেত্ৰত লোকসকলৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত হৈছে বস্ত্ৰ ব্যৱসায়ী সকলো ৷ শাৰদীয় পূজাৰ বতৰতো বস্ত্ৰ ব্যৱসায়ী সকলৰ অৱস্থা আগৰ দৰে টনকিয়াল হোৱা পৰিলক্ষিত নহ'ল চলিত বৰ্ষত ৷

কৰ'ণাৰ প্ৰাদুৰ্ভাৱ: ক্ষতিগ্ৰস্ত বস্ত্ৰ ব্যৱসায়ী

এই বৰ্ষত ব্যৱসায় কৰি লাভ অৰ্জন কৰাতো দূৰৰে কথা ৷ বৰঞ্চ প্ৰতিমাহে কেনেদৰে দোকানৰ ভাড়া পৰিশোধ কৰিব তাক লৈয়ো চিন্তাত পৰিছে ব্যৱসায়ী সকল ৷ পাঠশালাত প্ৰতি বছৰে জাক জমকতা আৰু হাজাৰ-হাজাৰ মানুহৰ সমাগমত বিশাল ভগৱতী ক্ষেত্ৰত আয়োজন কৰা হয় দুৰ্গা পূজা ৷ কিন্তু এইবেলি অনুষ্টুপীয়াকৈ হৰিমন্দিৰৰ চাৰিবেৰৰ মাজতে নিয়মমাফিকভাৱে পালন কৰা হ'ব দুৰ্গা পূজা ৷

লগতে পঢ়ক:পূজাৰ সময়তো সমস্যাৰ সন্মুখীন টেন্ট হাউচৰ গৰাকীসকল

ABOUT THE AUTHOR

...view details