বৰপেটা, ২৫ মে':বিগত বছৰৰ পৰা কৰ'ণাৰ সংক্ৰমণে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে । একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে বহুতৰে জীৱন শৈলী । সমগ্ৰ ভাৰততে চৰ্চিত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ উদ্যোগটোও কৰ'ণা বাবে বিধ্বস্ত হৈ পৰিছে ।
বিগত বছৰত প্ৰদৰ্শনী বন্ধ ৰাখিবলগীয়া হোৱাত অসমৰ ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক, শিল্পী, কলা-কুশলীৰ অৱস্থা তথৈবচ হৈ পৰিছে ৷ জীৱন নিৰ্বাহৰ বাবে বহু কলা-কুশলীয়ে অন্য পথ বাচি ল'বলৈ বাধ্য হ'লেও পুনৰ সুদিন ঘূৰি অহাৰ অপেক্ষাত আছিল শিল্পী, কলা-কুশলী ৷
বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে সূৰ্য্য থিয়েটাৰ কিন্তু সম্প্ৰতি ৰাজ্যখনত কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য কৰিলে আগন্তুক নাট্যবৰ্ষত নাট প্ৰদৰ্শন কৰিব পাৰিব নে নাই তাক লৈ সৃষ্টি হৈছে গভীৰ অনিশ্চয়তাৰ ৷ ইয়াৰ মাজতে আখৰা গৃহতে পৰি থকা ভ্ৰাম্যমাণ থিয়েটাৰৰ বিভিন্ন সা-সৰঞ্জাম, শব্দ, মঞ্চ সজ্জাৰ সামগ্ৰীসমূহ নষ্ট হ'ব ধৰিছে । বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত হাউলীৰ সূৰ্য্য থিয়েটাৰৰো বৃহৎ ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে প্ৰযোজক মুনীন্দ্ৰ বৰ্মনে ।
ইয়াৰ মাজতেই এক ক্ষীণ আশা লৈ আখৰা গৃহত থকা সামগ্ৰী সংৰক্ষণৰ বাবে প্ৰযোজক সকলে আৰম্ভ কৰিছে তৎপৰতা । কিন্তু গভীৰ সংকটত পৰা বিশ্বৰ ভিতৰতে অন্যতম আকৰ্ষণ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগে আগৰ দৰেই মূৰ দাঙি থিয় হ'ব পাৰিবনে ? এয়াই এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে সকলোৰে বাবে ।
লগতে পঢ়ক:অখিল গগৈক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত বিবৃতিযোগে প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ