বৰপেটা, ৮ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ বহৰিৰ উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ ৷ চাউল চুৰিৰ অভিযোগত অভিযুক্ত সম্পাদক মুক্তাৰ হুছেইনে মঙলবাৰে নিশা সমবায় সমিতিৰ সভাপতি আতোৱাৰ ভূঞাক হত্যাৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বহৰিৰ উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ সভাপতি আতোৱাৰ ভূঞা যোৱা নিশা এগৰাকী বন্ধুৰ সৈতে বহৰি বজাৰৰ পৰা নিজ ঘৰমুৱা হৈছিল ৷ বন্ধুৰ সৈতে মটৰ চাইকেলেৰে ঘৰলৈ বুলি আহি আছিল ৷ কিন্তু আহি থকা অৱস্থাতে পিছফালৰ পৰা আতোৱাৰ ভূঞাক অনুসৰণ কৰি আহিছিল AS-25 CC 6117 নম্বৰৰ এখন বলেৰ’ পিকআপ ভানে ৷ স্থানীয় লোকে জনোৱা মতে বাহনখন আছিল সম্পাদক মুক্তাৰ হুছেইনৰ ৷ তাৰোপৰি সেই সময়ত বাহনখনত খোদ উপস্থিত আছিল বাহনখনৰ গৰাকী মুক্তাৰ হুছেইন ৷
তাৰ পিছত হঠাৎ পিছফালৰ পৰা আহি পিকআপ ভানখনে আতোৱাৰ ভূঞাক খুন্দিয়াই হত্যাৰ অপচেষ্টা চলায় (Attempt to murder in Barpeta) ৷ খুন্দা মৰাৰ লগতে বাইকখন লৈ পৰি যায় আতোৱাৰ ভূঞাসহ বন্ধু ৷ ফলত গুৰুতৰভাৱে আহত হয় দুয়ো ৷ পিছত সেই স্থানত স্থানীয় ৰাইজ উপস্থিত হৈ আহত দুয়োগৰাকীকে চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই ৷ ইয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে দুয়োকে ৷
উল্লেখ্য যে সুলভ মূল্যৰ বাবে অনুমোদিত আঁচনিসমূহ হৈছে দৰিদ্ৰ লোকৰ বাবে সহায়ক হোৱাকৈ চৰকাৰে গ্ৰহণ কৰা এক বৃহৎ আঁচনি ৷ যি আঁচনিৰ জৰিয়তে অতি কম মূল্যতে হিতাধিকাৰীয়ে লাভ কৰে চাউল ৷ ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰে এই চাউল ৷