বৰপেটা, 1 মাৰ্চঃবৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে বাঘবৰৰ মন্দিয়া জামে মছজিদ আৰু কবৰস্থানক ভূমি দান কৰাক লৈ বৰপেটাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ভূমিদান প্ৰক্ৰিয়াক লৈ চিবিআই অথবা ইডি'ৰ জৰিয়তে মুখ্যমন্ত্ৰীক তদন্তৰ দাবীত বৰপেটাত প্ৰতিবাদী সমদল ৷ বৃহত্তৰ বৰপেটা ভূমি সংৰক্ষণ মঞ্চৰ নেতৃত্বত বুধবাৰে বৰপেটা চহৰত প্ৰতিবাদী সমদল উলিয়াই বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি সত্ৰৰ মাটি মছজিদ আৰু কবৰস্থানক দান দিয়া বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে (Barpeta Satra land controversy) ৷
যিসময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সত্ৰৰ ভূমি, বনভূমি, চৰকাৰী ভূমিৰ অবৈধ দখল উচ্ছেদ কৰি ৰাজ্যবাসীৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে, তেনে সময়তে বৰপেটা সত্ৰৰ ৰজাদিনীয়া প্ৰদত্ত ভূমিৰ অংশ মন্দিয়া জামে মছজিদ আৰু কবৰস্থানক অবৈধ আৰু অকৰ্তৃত্বশীলভাৱে দান কৰাক লৈ এতিয়া সকলোৱে প্ৰকাশ কৰিছে আশ্চৰ্য ৷ যাৰবাবে এতিয়া তদন্তৰ দাবী কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে সচেতন ৰাইজে (Barpeta satra land donation) ৷
উল্লেখ্য যে, আহোম ৰজা শিৱ সিংহৰ শাসনকালত মহাপ্ৰভুৰ সেৱাকৰ্মত আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ নামত সমস্ত ভূমিৰ অধিকাৰী কৰি তাম্ৰপত্ৰ যোগে ভূমিদান কৰিছিল । এই ভূমিৰ একমাত্ৰ অধিকাৰী মহাপ্ৰভু নাৰায়ণ । ৰজাদিনীয়া ভূমিদানৰ মূল উদ্দেশ্য আছিল সত্ৰৰ ভূমিভাগ কোনো কালে যাতে কোনেও হস্তান্তৰ কৰিব নোৱাৰে অথবা দান দিব নোৱাৰে তাক নিশ্চিত কৰা (Barpeta Satra) ।