জনীয়া, 7 অক্টোবৰ:অন্ত পৰা নাই বিতৰ্কিত বিধায়কশ্বেৰমান আলী আহমেদৰ উৰ্ধতালি ৷কলগাছিয়াৰ ময়নবৰীত বেকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ সময়তে ভুক্তভোগী জনতাক গ্ৰেপ্তাৰৰ ধমকি প্ৰদান কৰে বিধায়ক শ্বেৰমান আলী আহমেদে। উল্লেখ্য যে, ময়নবৰীত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত বছৰে বছৰে নদীৰ বুকুত জাহ গৈছে শ শ পৰিয়ালৰ সা-সম্পত্তি, ঘৰ-দুৱাৰ । ঘৰ-বাৰী, ভেটি-মাটি সৰ্বস্ব হেৰুৱাই বৰ্তমান দিশহাৰা হৈ পৰিছে শতাধিক পৰিয়াল ।
এই পৰিস্থিতি নিৰীক্ষণ কৰাৰ উদ্দেশ্যৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে জলসম্পদ বিভাগৰ অভিযন্তাৰ উপৰিও এটা সজাতি দলে উক্ত অঞ্চলটোত উপস্থিত হয় ৷ বিতৰ্কিত বিধায়কগৰাকীয়ে আগন্তুক জানুৱাৰী মাহৰ ভিতৰত গৰাখহনীয়া প্ৰতিৰোধৰ আশ্বাস প্ৰদান কৰে । উক্ত সময়ছোৱাতে গৰাখহনীয় সম্বন্ধীয় এক সমস্যা জনপ্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰিবলৈ লোৱাৰ সময়তে গৰজি উঠে বিতৰ্কিত বিধায়কগৰাকী ৷ কেৱল গৰজি উঠাতেই সীমাৱদ্ধ নাথাকি গ্ৰেপ্তাৰৰ ভাবুকি প্ৰদান কৰে ভুক্তভোগী যুৱকজনক ৷
কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লাৰ তীব্ৰ সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্বেৰমান আলী আহমেদে কয়, "বিজেপিয়ে যি দৰে অসমৰ ৰাইজক দুভাগত বিভক্ত কৰাৰ চেষ্টা কৰিছে, ঠিক সেইদৰে আফতাবুদ্দিন মোল্লাই বিজেপিৰ কথা মতে চলে । আফতাবুদ্দিন মোল্লা কেনেকুৱা চৰিত্ৰৰ মানুহ অসমৰ ৰাইজে জানে ।"