অসম

assam

ETV Bharat / state

এক লাখৰ বিনিময়ত ওঠৰ লাখ; লটাৰী নহয় কেলেংকাৰীৰহে হিচাপ ! - Bribed to pay for scheme in Jania

আঁচনিৰ ধন মোকলাবলৈ খণ্ড উন্নয়ণ বিষয়াক উৎকোচ দিয়ো লাভ নহ’ল এগৰাকী প্ৰাক্তন জিলা পৰিষদৰ সদস্যাৰ (Bribed to pay for scheme in Jania) ৷ উৎকোচৰ এক লাখ টকাৰ লগতে আঁচনিৰ প্ৰায় 18 লাখ টকা হেৰুৱাৰ উপক্ৰম হোৱাত খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷

Bribed to pay for scheme in Jania
উৎকোচ দিও সুফল পোৱা নাই ৰূপসীৰ প্ৰাক্তণ জিলা পৰিষদৰ সদস্যাই

By

Published : Apr 29, 2022, 7:08 PM IST

জনীয়া, 29 এপ্ৰিল : এম জি এন ৰেগাৰ ধন মোকলোৱাৰ নামত উৎকোচ দিয়ো আঁচনিৰ ধন নোপোৱাত খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এগৰাকী এগৰাকী মহিলাই ৷ সকলো নথি-পত্ৰ জমা দিয়াৰ পাছতো খণ্ড উন্নয়ন বিষয়াই মোকলাই দিয়া নাছিল ধন । ৰূপসী উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীক তিনি মাহ পূৰ্বে এক লাখ টকা উৎকোচ দিয়াৰ পাছতো আঁচনিৰ ধন লাভ নকৰাত বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰেহেনা পাৰবীন নামৰ মহিলাগৰাকীয়ে (Allegation against Rupshi BDO)

জনীয়াৰৰেহেনা পাৰবীন নামৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্যাগৰাকীয়ে লাচাংগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২০২০-২১ বিত্তীয় বৰ্ষত ১৮, ১১,১০০ টকা ব্যয় সাপেক্ষে এটা বান্ধৰ এখন আঁচনি ৰূপায়ণ কৰিছিল (MGNREGA scheme at Rupshi development block) । আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত উক্ত আঁচনিৰ অন্তৰ্গত পথটো বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰি নদীৰ বুকুত জাহ যায় । সেই সময়ত ৰেহেনা পাৰবিনে আন তিনিখন আঁচনিৰ ধন মোকলাবলৈ সক্ষম হৈছিল যদিও ১৮, ১১,১০০ টকাৰ আঁচনিখনৰ ধন খণ্ড উন্নয়ণ বিষয়া বদলি হোৱাৰ বাবে বৰ্তমানলৈকে লাভ কৰা নাই ।

উৎকোচ দিও সুফল পোৱা নাই ৰূপসীৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্যাই

এই সম্পৰ্কে ৰেহেনা পাৰবিনে নতুন খণ্ড উন্নয়ণ বিষয়া নৱৰত্ন পাটোৱাৰীক অৱগত কৰাত বিভিন্ন সময়ত বিভিন্ন কাৰ্যালয়ৰ পৰা নথিপত্ৰ উলিয়াই দিবলৈ কয় । খণ্ড উন্নয়ণ বিষয়াৰ নিৰ্দেশমতে, ৰেহেনা পাৰবিনে সকলো নথি উলিয়াই খণ্ড উন্নয়ণ বিষয়া নৱৰত্ন পাটোৱাৰীক জমা দিছিল । সকলো নথিপত্ৰ জমা দিয়াৰ পাছতো খণ্ড উন্নয়ণ বিষয়া নৱৰত্ন পাটোৱাৰীয়ে আঁচনিৰ ধন মোকলাই নিদিয়াত তিনিমাহ পূৰ্বে পাটোৱাৰীক 1 লাখ টকাৰ উৎকোচ দিয়া বুলি ৰেহেনা পাৰবিনে মন্তব্য কৰিছে (Bribed to pay for scheme in Jania)৷

উৎকোচ দিয়াৰ পাছতো খণ্ড উন্নয়ণ বিষয়া নৱৰত্ন পাটোৱাৰীৰ পৰা কোনো সুফল নোপোৱাত ৰেহেনা পাৰবিনে যোৱা ২৬ এপ্ৰিলত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবীত বৰপেটা জিলাৰ উপায়ুক্তক এখন অভিযোগ পত্ৰ দাখিল কৰাৰ সমান্তৰালকৈ অভিযোগৰ প্ৰতিলিপি বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰিছে । মহিলাগৰাকীৰ অভিযোগ সম্পৰ্কে সাংবাদিকে খণ্ড উন্নয়ণ বিষয়া নৱৰত্ন পাটোৱাৰীৰ পৰা জানিবলৈ বিচৰাত খণ্ড উন্নয়ণ বিষয়াগৰাকীয়ে মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।

উল্লেখ্য যে, এইগৰাকী খণ্ড উন্নয়ণ বিষয়া দুৰ্নীতিৰ অভিযোগত পূৰ্বে নিলম্বিত হৈছিল । পৰৱৰ্তী সময়ত ৰূপসী উন্নয়ণ খণ্ডত যোগদান কৰিছিল নৱৰত্ন পাটোৱাৰীয়ে ।

লগতে পঢ়ক:ঘোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত খাদ্য সুৰক্ষা বিষয়া

ABOUT THE AUTHOR

...view details