অসম

assam

ETV Bharat / state

Hub Studio in Barpeta : বৰপেটাৰ হাব ষ্টুডিঅ'ত আৰম্ভ বিভিন্ন ভাস্কৰ্যৰ নিৰ্মাণ - বৰপেটাৰ হাব ষ্টুডিঅ'

শিল্পী বিশ্বজ্যোতি পাঠক (Artist Biswajit Pathak)ৰ চিন্তা আৰু পৰিকল্পনাৰে আগবঢ়া বৰপেটাৰ হাব ষ্টুডিঅ' (Hub Studio in Barpeta)ত আৰম্ভ বিভিন্ন ভাস্কৰ্যৰ নিৰ্মাণ কাম ৷ কেনভাছৰ পৰিৱৰ্তে গামোছাত অসমৰ ঐতিহ্যক অংকন কৰি সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা বিদ্যুৎ মণ্ডলে নতুন চিন্তাৰে আৰম্ভ কৰা ভাস্কৰ্য শিল্পৰ জৰিয়তে সত্ৰনগৰী বৰপেটাক সমৃদ্ধ কৰি তোলাৰ এই পদক্ষেপক সকলোৱে কৰিছে প্ৰশংসা ৷

Hub Studio in Barpeta
বৰপেটাৰ হাব ষ্টুডিঅ'ত আৰম্ভ বিভিন্ন ভাস্কৰ্যৰ নিৰ্মাণ

By

Published : Dec 7, 2021, 6:44 PM IST

বৰপেটা, ৭ ডিচেম্বৰ : ২০১২ বৰ্ষত উদীয়মান যুৱ শিল্পী বিশ্বজ্যোতি পাঠক (Artist Biswajit Pathak)ৰ পৰিকল্পনাৰে বৰপেটাত আৰম্ভ কৰা হৈছিল শিল্প কলাৰ এটা অগতানুগতিক অনুষ্ঠান- হাব ষ্টুডিঅ' (Hub Studio in Barpeta) ৷ শিল্পী বিশ্বজ্যোতি পাঠকৰ চিন্তা আৰু পৰিকল্পনাৰে আগবঢ়া 'হাব ষ্টুডিঅ'ত এতিয়া আৰম্ভ হৈছে ভাস্কৰ্য নিৰ্মাণৰ কাম ৷ সত্ৰনগৰী বৰপেটাত গুৰু দুজনাৰ দিনৰে পৰাই পৰম্পৰাগতভাৱে সত্ৰ, নামঘৰ আদিত বিবিধ মূৰ্তি নিৰ্মাণৰ কাম কৰি আহিছিল, যদিও আজিৰ সময়ৰ সৈতে খাপ খুৱাকৈ ভাস্কৰ্য নিৰ্মাণৰ ক্ষেত্ৰত কিছু পিচ পৰি আছিল ৷

বৰপেটাৰ হাব ষ্টুডিঅ'ত আৰম্ভ বিভিন্ন ভাস্কৰ্যৰ নিৰ্মাণ

শেহতীয়াকৈ হাব ষ্টুডিঅ'ৰ শিল্পী বিদ্যুৎ মণ্ডলে গুৱাহাটীত ভাস্কৰ্য শিল্পৰ শিক্ষা গ্ৰহন কৰি আহি বৰপেটাত নতুন সম্পৰীক্ষাৰে আৰম্ভ কৰিছে ভাস্কৰ্য শিল্পৰ কাম (Construction of Various Sculptures has Started at the Hub Studio) ৷ বিদ্যুৎ মণ্ডলৰ হাতত এতিয়া প্ৰাণ পাই উঠিছে বিভিন্ন জীৱ-জন্তুৰ লগতে সত্ৰীয়া সংস্কৃতিৰে যুক্ত বিভিন্ন শিল্পকৰ্ম ৷ উল্লেখ্য যে, কেনভাছৰ পৰিৱৰ্তে গামোছাত অসমৰ ঐতিহ্যক অংকন কৰি সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা বিদ্যুৎ মণ্ডলে নতুন চিন্তাৰে আৰম্ভ কৰা ভাস্কৰ্য শিল্পৰ জৰিয়তে সত্ৰনগৰী বৰপেটাক সমৃদ্ধ কৰি তোলাৰ এই পদক্ষেপ নিশ্চয়কৈ আদৰণীয় ৷

বৰপেটাৰ হাব ষ্টুডিঅ'ত আৰম্ভ বিভিন্ন ভাস্কৰ্যৰ নিৰ্মাণ

কিয়নো পূৰ্বতো কোনো লোকৰ প্ৰতিমূৰ্তি বা আৱক্ষ মূৰ্তি নিৰ্মাণৰ বাবে বৰপেটাকে ধৰি নামনি অসমৰ বহু অঞ্চলৰ লোকে গুৱাহাটী, কলকতা আদিলৈ যাব লাগিছিল ৷ কিন্তু এতিয়া বৰপেটাৰ এগৰাকী সুদক্ষ শিল্পী ভাস্কৰ্য শিল্পৰ সৈতে জড়িত হোৱাতো সঁচাকৈয়ে আদৰণীয় পদক্ষেপ ৷ ইয়াৰ জৰিয়তে নিশ্চয়কৈ বৰপেটাৰ নৱ-প্ৰজন্ম ভাস্কৰ্য শিল্পটোৰ প্ৰতি আগ্ৰহী হ’ব আৰু শিল্পটোৰ সৈতে জড়িত হোৱাৰো সুযোগ পাব ৷

লগতে পঢ়ক :National Kick Boxing Championship in Goa : আঘোণৰ পথাৰৰ পৰা গোৱালৈ স্বৰ্ণময়ী যাত্ৰা

ABOUT THE AUTHOR

...view details