অসম

assam

ETV Bharat / state

দহ বছৰে সম্পূৰ্ণ নহ’ল গাগলমাৰী উপ স্বাস্থ্যকেন্দ্ৰৰ নিৰ্মাণ কাৰ্য - Gagalmari sub health centre unused for ten years

10 বছৰ পূৰ্বে নিৰ্মাণ কৰা জনিয়াৰ গাগলমাৰী গাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য আজিও নহ’ল সম্পূৰ্ণ (Poor Condition of Jania Sub Health Centre) ৷ কেৱল দুগৰাকী নাৰ্চৰে চিকিৎসক বিহীনভাৱে ভাড়াঘৰত চলি আছে স্বাস্থ্যকেন্দ্ৰটো ৷

Poor Condition of Jania Sub Health Centre
পৰিত্যক্ত অৱস্থাত জনিয়াৰ উপ-স্বাস্থ্য কেন্দ্ৰ

By

Published : Jan 5, 2022, 2:14 PM IST

জনিয়া, 5 জানুৱাৰী : ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ স্বাস্থ্য বিভাগ ৷ এই বিভাগটোক লৈ চৰকাৰখনে নিজৰ দায়িত্বশীলতাৰ গুণ-গাণ গাই ফুৰিলেও ঠায়ে ঠায়ে চৰকাৰখনৰ স্বাস্থ্য বিভাগটোৰ প্ৰতি অৱহেলিত স্বৰূপটো প্ৰকাশ পাই আহিছে ৷

জনিয়াৰ গাগলমাৰীস্থিত এটা উপ স্বাস্থ্য কেন্দ্ৰত আজি পৰ্যন্ত নাই এজনো চিকিৎসক (Poor Condition of Jania Sub Health Centre) ৷ দহ বছৰ পূৰ্বেই বৰ্তমানৰ সাংসদ আব্দুল খালেকে গাগলমাৰীত এটা উপ স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ আধাৰশিলা স্থাপনৰ পূৰ্বে চৰকাৰে গাগলমাৰী অঞ্চলৰ ৰাইজক মাটি এৰি দিয়াৰ বিনিময়ত প্ৰতিঘৰ মানুহৰ একোজন সদস্যই চাকৰি লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু আজি সকলো পৰিণত হৈছে ফুটুকাৰ ফেনত ৷

পৰিত্যক্ত অৱস্থাত জনিয়াৰ উপ-স্বাস্থ্য কেন্দ্ৰ

চাকৰিৰ আশা বাদ দি এতিয়া ৰাইজে কেৱল বিচাৰিছে স্বাস্থ্যকেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠাটো ৷ হাবি-বন গজি বৰ্তমানে স্বাস্থ্যকেন্দ্ৰটো ভূত-বাংলাত পৰিণত হৈছে ৷ ৰাইজে জানিবলৈ দিয়া মতে, বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ঠিকাদাৰ নুৰ উদ্দিনে কাম সম্পূৰ্ণ নকৰি গুচি যায় ৷

গাগলমাৰী গাঁৱৰে হবিবৰ ৰহমান নামৰ এজন ব্যক্তিৰ ঘৰৰ ভাড়াঘৰত বিগত দহ বছৰ ধৰি চলি আছে স্বাস্থ্য কেন্দ্ৰটোৰ কাম-কাজ (Gagalmari sub health centre unused for ten years) ৷ মাত্ৰ দুগৰাকীকৈ নাৰ্চেৰে দহ বছৰ ধৰি চলি থকা এই স্বাস্থ্য কেন্দ্ৰটোৰ নাৰ্চৰ উপস্থিতিও অনিয়মীয়া বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ কেন্দ্ৰটোত চিকিৎসক নিযুক্তিৰ লগতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:আৰক্ষী অধীক্ষকৰ সন্মিলনে শক্তিশালী কৰিব ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা : সঞ্জয় কিষাণ

For All Latest Updates

ABOUT THE AUTHOR

...view details