জনীয়া, 26 জানুৱাৰী:কলগাছিয়াত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা হামদৰ্দৰ উদ্যোগত মঙলবাৰে সংবিধান কেন্দ্ৰ উদ্বোধন কৰা হয় । উক্ত সংবিধান কেন্দ্ৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে ড৹ ছুৰমান আলীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটাৰ সাংসদ আব্দুল খালেক ৷
সাংসদ আব্দুল খালেকে সভাত ভাষণ প্ৰদান কৰি 'ডি' ভোটাৰ প্ৰসংগৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে সমাজৰ প্ৰতিভাক আগুৱাই নিয়াৰ আহ্বান জনাই হামদৰ্দ ট্ৰাষ্টলৈ এক মাহৰ দৰমহা আগবঢ়ায় ।