বৰপেটা ১৪ মাৰ্চ: কংগ্ৰেছৰ সৈতে মহাজোঁটত চামিল হোৱাৰ পিচতো এআইইউডিএফৰ মীনাক্ষী ৰহমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগবঢ়োৱাত ক্ৰমাৎ গৰম হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাজনৈতিক বতাহ ৷ দেওবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ দলীয় টিকট লৈ জাকিৰ হুছেইন শিকদাৰ সৰুক্ষেত্ৰীত উপস্থিত হোৱাত সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকলে বৃহৎ বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে ৷ কংগ্ৰেছৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলে বাইক ৰেলীৰে বিপুল আদৰণি জনায় প্ৰাৰ্থী গৰাকীক ৷
সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন - সৰুক্ষেত্ৰী সমষ্টি
ক্ৰমাৎ গৰম হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাজনৈতিক বতাহ ৷ দেওবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ দলীয় টিকট লৈ জাকিৰ হুছেইন শিকদাৰ সৰুক্ষেত্ৰীত উপস্থিত হোৱাত সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকলে বৃহৎ বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে ৷ কংগ্ৰেছৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলে বাইক ৰেলীৰে বিপুল আদৰণি জনায় প্ৰাৰ্থী গৰাকীক ৷
সৰুক্ষেত্ৰী সমষ্টিৰ মাজদিয়া গৰেমাৰীৰ পৰা কয়াকুছিলৈ মুঠ ৬৪ কিলোমিটাৰ জোৰা বিশাল বাইক ৰেলীৰে আদৰি নিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক ৷ সৰুক্ষেত্ৰীত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে এআইইউডিএফৰ মীনাক্ষী ৰহমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও এইবাৰৰ নিৰ্বাচনত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ এই বিশাল জনসমাগমে বিৰোধী দলৰ কথা পাতিবলগীয়া বা চিন্তা কৰিবলগীয়া একো নাই আৰু সৰুক্ষেত্ৰীৰ ৰাইজ কংগ্ৰেছৰ সৈতে আছে আৰু পৰৱৰ্তী দিনতো থাকিব বুলি মন্তব্য কৰে শিকদাৰে ৷