বৰপেটা,30 জুন:সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ ৷ বৰপেটা জিলা কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীয়ে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ৷ সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ নেতৃত্বত কংগ্ৰেছ দলৰ কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ নিৰ্বাচন আয়োগ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী ৷
প্ৰতিবাদত অংশগ্ৰহণ কৰি সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জিন্নাৰ সৈতে তুলনা কৰে ৷ ‘‘মহস্মদ আলী জিন্না জীয়াই থকা হ’লে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক আদৰণি জনালেহেতেন ৷ মহস্মদ জিন্নাই হিন্দু-মুছলমানৰ মাজত বিভাজনকামী ৰাজনীতি কৰিছিল ৷ মহস্মদ আলী জিন্নাৰ আত্মা হয়তো মুখ্যমন্ত্ৰীৰ গাত সোমাই গৈছে ৷ ’’ এইদৰে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷