বৰপেটা, 5 অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই ৫ জনকৈ কৃষকক হত্যা কৰা ঘটনাক লৈ এতিয়া সমগ্ৰ দেশ উত্তাল হৈ আছে ৷ তাৰমাজতেই ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা জিলা কংগ্ৰেছ ৷
বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেক আৰু সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ বিধায়ক ৰহিম আহমেদৰ নেতৃত্বত বৰপেটা জিলা কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি কৃষকক হত্যা কৰা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰৰ দাবী জনায় ৷
আনহাতে, প্ৰতিবাদকাৰী কৃষক সকলৰ সমৰ্থনত যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ চৰকাৰে কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনোৱাৰ লগতে কংগ্ৰেছ নেত্ৰীগৰাকীৰ মুক্তিৰো দাবী তোলে প্ৰতিবাদকাৰীয়ে ৷ বৰপেটা জিলা কংগ্ৰেছে আনকি উত্তৰ প্ৰদেশৰ বিৰোধী নেতা অখিলেশ যাদৱসহ আন বিৰোধী দলৰ নেতা সকলক আটক কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷