অসম

assam

ETV Bharat / state

মুকালমুৱাত কংগ্ৰেছৰ প্ৰতিবাদ

পে’ট্ৰল আৰু ডিজেলজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো প্ৰতিবাদ সাব্যস্ত কৰে ।

By

Published : Jun 12, 2021, 12:10 PM IST

Congress Protest at Nalbari
মুকালমুৱাত কংগ্ৰেছৰ প্ৰতিবাদ

নলবাৰী, 12 জুন :অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত কংগ্ৰেছ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছ দলে মুকালমুৱাৰ বৰতলা, সাপকাটা, জয়সাগৰৰ পেট্ৰ’ল পাম্পৰ সন্মুখত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদত বিধায়ক দিগন্ত বৰ্মনৰ লগতে বৰক্ষেত্ৰী ব্ল’ক কংগ্ৰেছৰ সদস্যসকলে অংশগ্ৰহণ কৰে ।

মুকালমুৱাত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details