জনিয়া, ২৬ জুলাই:দেশব্যাপী নিতৌ ব্যৱহৃত খাদ্য সামগ্ৰীৰ উপৰি বিশেষকৈ ঔষধ, ৰন্ধন গেছ,পেট্ৰ'ল, ডিজেলকে ধৰি শিশুখাদ্যৰ মূল্যবৃদ্ধি আৰু GST আৰোপ কৰাৰ বিৰুদ্ধে বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলা কংগ্ৰেছৰ অন্তৰ্গত ৰূপসী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কলগাছিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ৰফিকুল ইছলামৰ উপস্থিতিত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক কংগ্ৰেছ নেতা -কৰ্মী উপস্থিত থাকে ।
উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি কয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আকাশলংঘী মূল্যবৃদ্ধিত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ফলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিটো ব্লক কংগ্ৰেছৰ অন্তৰ্গত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।