বৰপেটা, ১৪ জুলাই : মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ (AICC) নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (APCC) প্ৰতিখন জিলা সমিতিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল ৷ এই আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ চেঙাটো মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চেঙা সমষ্টিৰ (Chenga Constituency) চেঙা আৰু গোমাফুলবাৰী ব্লক কংগ্ৰেছে যৌথভাৱে বহৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বৰপেটাৰ বহৰি পেট্ৰ’ল পাম্পৰ কাষতে শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
এই প্ৰতিবাদী কাৰ্যসূচীত চেঙা সমষ্টিৰ কংগ্ৰেছ দলৰ তত্বাৱধায়ক হাবিল খান, চেঙা আৰু গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ক্ৰমে লালমামুদ আলী আহমদ, মজিবৰ ৰহমানৰ লগতে কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰে ৷ অতি শীঘ্ৰে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে । মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিছে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক । মূল্যবৃদ্ধি ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ।
মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত প্ৰতিদিনে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ খনে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।