বৰপেটা,৩ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বেলবাৰী ৰাজীৱ ভৱনত প্ৰতাৰণা দিৱস পালন কৰে কংগ্ৰেছ দলে । সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত পালন কৰা হয় এই প্ৰতাৰণা দিৱস ।
বৰপেটাৰ সৰ্থেবাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস - congress protest against BJP
সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বেলবাৰী ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ প্ৰতাৰণা দিৱস পালন ৷
![বৰপেটাৰ সৰ্থেবাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস congress protest against BJP at Barpeta sarthebari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8277300-thumbnail-3x2-a.jpg)
বৰপেটাৰ সৰ্থেবাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস
বৰপেটাৰ সৰ্থেবাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস
বিজেপি চৰকাৰে বানপানীৰ সাহাৰ্যৰ নামত অসমক দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰাৰ প্ৰতিবাদত সোমবাৰে এনেদৰে প্ৰতাৰণা দিৱস পালন কৰে কংগ্ৰেছ দলে। বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰে ভুৱা প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি শান্ত কুমাৰ দাস, সাধাৰণ সম্পাদক মামুল আলীকে ধৰি দ্বি-শতাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ।