বৰপেটা, ১০ নৱেম্বৰ :দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত (DAC Election 2022) কংগ্ৰেছ আৰু জেপিপি দলে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ৷ যোৰহাট, শিৱসাগৰ, থাওৰা, মাজুলী, ধেমাজিত কংগ্ৰেছ আৰু কংগ্ৰেছ সমৰ্থিত জেপিপি দলৰ প্ৰাৰ্থী জয়ী হৈছে ৷ এই মন্তব্য কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ (Congress MP Gourav Gogoi comments on DAC election) । আজি অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহি বৰপেটা আৱৰ্ত ভৱনত এই মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ।
উল্লেখ্য, বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা ৷ উজনি অসমৰ 6 খনকৈ জিলাত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ আজিৰ ভোট গণনাত ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব (Deori Autonomous council election counting) ৷
আনহাতে, বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, আজিৰ তাৰিখত এইখন চৰকাৰে মদৰ বটল আৰু টকা বিলাই ৰাইজৰ ভোট কিনিব নোৱাৰে (Gourav Gogoi criticized BJP) ৷ বিজেপিৰ বিভিন্ন প্ৰকাৰৰ হাৰাশাস্তি, মূল্যবৃদ্ধিৰ অত্যাচাৰ, নিবনুৱাৰ আশাৰ সপোনত চেঁচাপানী ঢলা আদিৰ দৰে কাৰ্যৰ ফল বিজেপিয়ে এই নিৰ্বাচনত পাইছে বুলিও তেওঁ মন্তব্য কৰে ৷