জনিয়া, 16 নৱেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংসদ আব্দুল খালেকক অসমীয়া ভাষা বিৰোধী আৰু আব্দুল খালেকেই অসমীয়া ভাষাৰ বিৰোধ কৰা প্ৰথমজন ব্যক্তি বুলি কৰা মন্তব্য সন্দৰ্ভত সাংসদ আব্দুল খালেকৰ কলগাছিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ আব্দুল খালেক সন্দৰ্ভত কৰা মন্তব্যৰ পিছতেই বৃহস্পতিবাৰে সাংসদ আব্দুল খালেকে উভতি ধৰে মুখ্যমন্ত্ৰীক । মুখ্যমন্ত্ৰীয়ে খাটি খোৱা দৰিদ্ৰ মুছলমানকহে শত্ৰুজ্ঞান কৰে বুলি মন্তব্য আগবঢ়াই সাংসদ খালেকে ৷
এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কেইদিনমান পূৰ্বে সাংবাদিকৰ আগত কৈছিল যে আল্লাহে তেওঁক ইমান সম্পত্তি দিছে যে ইচ্ছা কৰিলে তেওঁ হিমন্ত বিশ্ব শৰ্মাক কিনি ল’ব পাৰিব । তাৰ প্ৰত্যুত্তৰত সাংসদ আব্দুল খালেকে কৈছিল যে পাৰে যদি আজমলে হিমন্ত বিশ্ব শৰ্মাক কিনি ল’ব লাগে । কিন্তু বদৰুদ্দিন আজমলৰ বিপৰীতে প্ৰতিক্ৰিয়া দিলে মুখ্যমন্ত্ৰীয়েহে । মুখ্যমন্ত্ৰীয়ে আব্দুল খালেকক অসমীয়া ভাষাৰ বিৰোধী আদি বিশেষণেৰে তীৰ্যক সমালোচনা কৰে ৷ তাৰ পিচতেই এতিয়া মুখ্যমন্ত্ৰীক উভতি ধৰিছে সাংসদ খালেকে ৷
তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে । মুখ্যমন্ত্ৰীয়ে সেই কথা প্ৰমাণ কৰি দিলে । ব্যক্তি বদৰুদ্দিনৰ লগত তেওঁৰ বিৰোধ নাই । কিন্তু এইক্ষেত্ৰত তেখেতে বদৰুদ্দিন আজমলৰ নামত দৰিদ্ৰ খাটি খোৱা মুছলমান সকলক টাৰ্গেট কৰি লয় ।