হিমন্ত বিশ্বৰ বিৰুদ্ধে গৰজি উঠিল ৰূপজ্যোতি - ৰূপজ্যোতি
দেওবাৰে বজালীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷
পাঠশালা,29 জুলাইঃদেওবাৰে বৰপেটাৰ বজালীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী সোচ্চাৰ হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ বিত্তমন্ত্ৰী হিচাপে হিমন্তক ব্যৰ্থ মন্ত্ৰী আখ্যা দি ভৱিষ্যত হিমন্ত বিশ্ব থাকিলে অসম ৰসাতলে যাব বুলি উল্লেখ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে, কংগ্ৰেছী নেতা গিৰিশ পাটগিৰিক লগত লৈ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে ৰূপজ্যোতি গোস্বামীয়ে ৷ বজালীৰ মহাৰাণী নদী পাৰ আৰু ৰনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মহাৰাণীৰ ভঙা মথাউৰি নিৰ্মাণ নকৰাত চৰকাৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷