বৰপেটা, ৯ জানুৱাৰী : যিসময়ত ৰাজ্যখনৰ সৰ্বত্ৰে শান্তি বিৰাজ কৰা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে তেনে সময়তে চাকৰি এৰি এজনৰ পিচত আন এজনকৈ আৰক্ষীৰ জোৱান অৰণ্যলৈ যোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদ ৷ বিশেষকৈ আলফা স্বাধীনৰ সৈতে যুদ্ধ বিৰতি (Ceasefire by ULFA I) চলি থকাৰ মাজতেই কিছুদিন পূৰ্বে ৫ গৰাকী যুৱতী আলফাত যোগদান কৰা আৰু শেহতীয়াভাৱে দ্বিতীয় অসম আৰক্ষী বেটেলিয়নৰ জোৱান কৌশিক গোহাঁই আৰু সাপেখাতী গাঁৱৰ অসম আৰক্ষীৰ জোৱান নিৰ্মল ফুকনেও আলফাত যোগদান কৰা বুলি বাতৰি ওলােৱাৰ পিচতেই হাহাকাৰ লাগিছে অসম আৰক্ষীত (Assam police personal joined ULFA I) ৷
উজনিৰ তালাপৰ পিংকু মৰাণ নামৰ ১৭ বছৰীয়া এজন কিশোৰৰ নিৰুদ্দেশৰ আঁৰত আলফাত যোগদানৰ সম্ভাৱনাক লৈয়ো চলি আছে নানা জল্পনা-কল্পনা ৷ এনেদৰে উজনিৰ বিভিন্ন গাঁৱৰ পৰা বহু যুৱক-যুৱতী আলফাত যোগদানৰ (Youth joining ULFA) বাতৰিৰ পিছতে অসম আৰক্ষীৰ জোৱানৰ সশস্ত্ৰ সংগঠনত যোগদানৰ বাতৰিয়ে অসম অশান্ত হৈ পৰাৰ ইংগিত বহন কৰিছে বুলিও মন্তব্য কৰিছে বৰপেটাৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰহিম আহমেদে ৷