অসম

assam

ETV Bharat / state

90 শতাংশ কংগ্ৰেছ কৰ্মীয়ে মিত্ৰতা বিচৰা নাই: সঞ্জয় চৌধুৰী - ৰাজীৱ ভৱন

বুধবাৰে নিশা বৰপেটাত উপস্থিত হয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সচিব সঞ্জয় চৌধুৰী ৷ কংগ্ৰেছ নেতা গৰাকীয়ে কংগ্ৰেছৰ বিভিন্ন শাখাৰ নেতা-কৰ্মীৰ সৈতে মত বিনিময় কৰি ৰাজ্যখনত কংগ্ৰেছৰ সাংগঠনিক স্থিতি অতি মজবুত বুলি মন্তব্য কৰি এআইইউডিএফ-ৰ সৈতে মিত্ৰতা হোৱাৰ সম্ভাৱনা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

Congress leader sanjay choudhury visit barpeta assam etv bharat news
কংগ্ৰেছ কৰ্মীয়ে মিত্ৰতা বিচৰা নাই

By

Published : Aug 27, 2020, 1:38 PM IST

বৰপেটা, ২৭ আগষ্ট: সমাগত অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত আছে বিভিন্ন চৰ্চা ৷ শেহতীয়াকৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ বিষয়টোৱে অধিক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু এই মিত্ৰতা সন্দৰ্ভত দলৰ বহুকেইগৰাকী নেতাই স্পষ্টভাৱে বিৰুদ্ধাচৰণ কৰাও দেখা গৈছে ৷ দুয়োটা দলৰ ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত ইতিমধ্যে বিৰুদ্ধাচৰণ প্ৰদৰ্শন কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ এনে সময়তে তিনিদিনীয়া সাংগঠনিক কাৰ্যসূচীৰে সোমবাৰে অসমত উপস্থিত হোৱা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সচিব সঞ্জয় চৌধুৰীয়ে মহানগৰীস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত এক সভাত অংশ লৈ দলটোত নতুনকৈ যোগদান কৰা শিল্পীসকলক আদৰণি জনায় ৷ পৰৱৰ্তী সময়ত কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাগৰাকীয়ে কামৰূপ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা আদি জিলাসমূহ ভ্ৰমণ কৰি কংগ্ৰেছ কৰ্মীসকলৰ মনৰ বুজ লয় ৷ কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে কোনো মিত্ৰতাৰ পৰিৱৰ্তে একলা চলো নীতিক সাৰোগত কৰি পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ব্যক্ত কৰে ৷

কংগ্ৰেছ কৰ্মীয়ে মিত্ৰতা বিচৰা নাই

বুধবাৰে নিশা বৰপেটাত উপস্থিত হৈ কংগ্ৰেছ নেতাগৰাকীয়ে ব্লক সমিতি, পঞ্চায়ত প্ৰতিনিধি, জিলা সমিতি, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আদিকে ধৰি কংগ্ৰেছৰ বিভিন্ন শাখাৰ নেতা-কৰ্মীৰ সৈতে মত বিনিময় কৰি ৰাজ্যখনত কংগ্ৰেছৰ সাংগঠনিক স্থিতি অতি মজবুত বুলি মন্তব্য কৰি এআইইউডিএফ-ৰ সৈতে মিত্ৰতা হোৱাৰ সম্ভাৱনা নাই বুলিয়ে প্ৰকাশ কৰে ৷ উক্ত সভাত উপস্থিত থাকে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী চৌধুৰী, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আহমেদ আদি ৷ সঞ্জয় চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰায় 90 শতাংশ কংগ্ৰেছ কৰ্মীয়ে এই মিত্ৰতা বিচৰা নাই ৷ বিষয় সম্পৰ্কত কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটক দাখিল কৰিব এক প্ৰতিবেদন ৷ আৰু এই প্ৰতিবেদনৰ প্ৰতিলিপি কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীকো অৰ্পণ কৰা হ’ব ৷ এআইইউডিএফৰে সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ বিষয়টোৱে প্ৰায় চূড়ান্ত পৰ্যায় পোৱাৰ পিছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীৰ এই ভাষ্যই এতিয়া বহু ৰহস্যজনক কথাৰ ইংগিত বহন কৰিছে ৷

লগতে চাওকঃঅসম চৰকাৰৰ পাঁচটা বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details