জনীয়া, 14 জুলাই :ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যত 59 গৰাকীয়ে প্ৰাণ হেৰুৱাৰ পৰিৱৰ্তে বানৰ ফলত আক্ৰান্ত হৈছে 33 লাখ লোক ৷ প্ৰধান নদী ব্ৰহ্মপুত্ৰকে আদি কৰি ইয়াৰ উপ-নৈসমূহৰ জলস্তৰ উফন্দি উঠাৰ ফলত পানীত বুৰ গৈছে ৰাজ্যৰ প্ৰায়ভাগ অঞ্চল ৷
এনেদৰে বেকী নদীয়েও সৃষ্টি কৰিছে প্ৰলয়ংকৰী বানৰ ৷ শেহতীয়াকৈ পৰিস্থিতিৰ কিছু পৰিমাণে উন্নতি ঘটিছে যদিও বৰপেটা,জনীয়া আৰু বাঘবৰ সমষ্টিৰ সহস্ৰ পৰিয়াল বৰ্তমানেও নিজ গৃহলৈ উভতি যাবলৈ সক্ষম হোৱা নাই। এনে জটিল পৰিস্থিতিৰ মাজত বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু গোটৰ অধ্যক্ষ ছলমান খানে যন্ত্ৰচালিত নাৱেৰে বৰপেটা আৰু জনীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ, কুৰুবাহা, জয়েন বাজাৰ, গলিয়া, কাচুকাটী, ডাউকমাৰী, ছনপুৰা আদি গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ।