বৰপেটা, 6 ফেব্ৰুৱাৰী : বৰপেটাত কংগ্ৰেছৰ মানৱ অধিকাৰ বিভাগৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত ৷ সভাত উপস্থিত আৰ পি শৰ্মা, মীৰা বৰঠাকুৰ ৷ অনুষ্ঠানৰ পৰাই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷
ইফালে, কংগ্ৰেছ নেতা ডাঃ তাৰাপ্ৰসাদ দাসে বিজেপি চৰকাৰে কেৱল আঁচনি ৰূপায়ন কৰি বাস্তৱত ৰূপায়িত নকৰে বুলি অভিযোগ প্ৰদান কৰে ৷ আনকি, বিজ্ঞাপনৰ নামত চৰকাৰখনে কোটি কোটি টকা খৰচ কৰিছে ৷ বাতৰি কাকতত বিজ্ঞাপন দি ভোট লাভ কৰাৰ আশা কৰিছে বুলি বিজেপি চৰকাৰক কৰিলে কটাক্ষ ৷