অসম

assam

By

Published : Sep 28, 2019, 7:34 PM IST

ETV Bharat / state

উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাঃ দলত্যাগ প্ৰবীণ কংগ্ৰেছী নেতা এম মুজাম্মেল হুছেইনৰ

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি,এ আই ইউ ডি এফ দলে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা ৷ কিন্তু কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই প্ৰবীণ কংগ্ৰেছী নেতা এম মুজাম্মেল হুছেইনে সংবাদমেল যোগে ৰাজহুৱা ভাৱে ঘোষণা কৰে দল ত্যাগ কৰাৰ কথা ৷ ১৯৭২ চনৰ পৰা কংগ্ৰেছৰ লগত জড়িত আছিল এম মুজাম্মেল হুছেইন ৷ লগতে জনীয়া উপ-নিৰ্বাচনৰো এজন চৰ্চিত টিকট প্ৰত্যাশী আছিল তেওঁ

উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাঃ দলত্যাগ প্ৰবীণ কংগ্ৰেছী নেতা এম মুজাম্মেল হুছেইনৰ

জনীয়া, 28 ছেপ্টেম্বৰঃ জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি,এ আই ইউ ডি এফ দলে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা ৷ কিন্তু কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই প্ৰবীণ কংগ্ৰেছী নেতা এম মুজাম্মেল হুছেইনে সংবাদমেল যোগে ৰাজহুৱা ভাৱে ঘোষণা কৰে দল ত্যাগ কৰাৰ কথা ৷ ১৯৭২ চনৰ পৰা কংগ্ৰেছৰ লগত জড়িত আছিল এম মুজাম্মেল হুছেইন ৷ লগতে জনীয়া উপ-নিৰ্বাচনৰো এজন চৰ্চিত টিকট প্ৰত্যাশী আছিল তেওঁ ৷

উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাঃ দলত্যাগ প্ৰবীণ কংগ্ৰেছী নেতা এম মুজাম্মেল হুছেইনৰ

টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই ৰাজহুৱা ভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে যদিও তেখেতৰ দলৰ প্ৰতি কোনোধৰণৰ ক্ষোভ নাই বুলি জনায় ৷ ৰাজনীতিৰ পৰা অব্যাহতি ল’লেও সামাজিক তথা উন্নয়নমূলক কাম-কাজৰ লগত জড়িত থাকিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ এই ক্ষেত্ৰত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাতো সন্দেহ প্ৰকাশ কৰিছে প্ৰবীণ কংগ্ৰেছী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details