বৰপেটা, ২৯ জানুৱাৰী:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত জিলাই জিলাই সংবাদমেল অনুষ্ঠিত কৰিছে কংগ্ৰেছে (Congress launches series protests programme) ৷ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰু কমলপুৰত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত সংঘটিত প্ৰায় ৩০ বিঘা ভূমিৰ কেলেংকাৰীৰ অভিযোগৰ উচিত তদন্তৰ দাবীত সৰব হৈ আহিছে প্ৰদেশ কংগ্ৰেছ (Probe demands for CM family land grabbing allegation) ৷
উচ্চ ন্যায়ালয়ত কৰ্মৰত এগৰাকী ন্যায়াধীশৰ দ্বাৰা ভূমি কেলেংকাৰী অভিযোগৰ তদন্তৰ দাবীত শনিবাৰে বৰপেটাত সোচ্ছাৰ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মেহদী আলম বৰা (APCC Spokesperson Mehdi Alom Bora) ৷ কংগ্ৰেছৰ লগতে আন আন দল-সংগঠনে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোক জড়িত থকা ভূমি কেলেংকাৰীৰ অভিযোগৰ উপযুক্ত তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহন কৰা নীৰৱ ভূমিকাক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰ মেহদী আলম বৰাই ৷