ৰপেটা, 25 মে': বিজেপিক পৰাভূত কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল আছিল ৷ এই মন্তব্য এআইইউডিএফ প্ৰধান বদৰউদ্দিন আজমলৰ ৷ এই ৰণকৌশলৰ বাবেই বহু কেইখন আসনত AIUDF-ৰ প্ৰাৰ্থী দিয়া নাছিল । তেনেস্থলত অসমত কংগ্ৰেছে ৮/১০ খন আসন পাব লাগিছিল কিন্তু কংগ্ৰেছে নিজৰ পলিচিত ব্যৰ্থ হৈছে বুলি উল্লেখ আজমলৰ ।
নৰেন্দ্ৰ মোডী ভাৰতৰ "চুপাৰপাৱাৰ": আজমল - etv bharat
বিজেপিক পৰাভূত কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল আছিল
আনহাতে, নৰেন্দ্ৰ মোডীক bada bhai বুলি কোৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত আজমলে কয়, "মোডীয়ে বেছি আসন লাভ কৰি এইবাৰ পূৰ্বতকৈ অধিক শক্তিশালী প্ৰধানমন্ত্ৰী হ'ব সেইবাবে তেওঁক bada bhai বুলি সম্বোধন নকৰি মাৰ খাব নেকি! আগতে এবাৰ bada bhai বুলি কলে এতিয়া দহ বাৰ ক'ব লাগিব ৷"
লগতে, জনীয়া সমষ্টিত পূৰ্বতে এআইইউডিএফ-ৰ দখলত থকা খালী আসনখন উপ-নিৰ্বাচনত পুনৰ দখল কৰিবলৈ তেওঁলোকৰ দলে সংগ্ৰাম কৰি যাব বুলিও উল্লেখ কৰে আজমলে ৷ সংসদত এন আৰ চি আৰু ডি-ভোটাৰ সম্পৰ্কে সংসদত আলোচনা কৰাৰ চেষ্টা কৰিব বুলিও উল্লেখ কৰে আজমলে ৷