বৰপেটা, ৭ ফেব্ৰুৱাৰী:অৱশেষত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বক্তব্য(Sherman Ali Controversy)ক লৈ বৰপেটা জিলা কংগ্ৰেছৰ সংবাদমেল ৷ বাঘবৰত বৰপেটা সত্ৰৰ ভূমি উচ্ছেদৰ বিৰোধিতা কৰা আৰু উচটনিমূলক বক্তব্য প্ৰদান কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ বক্তব্যৰ বিৰোধিতা জিলা কংগ্ৰেছৰ ৷
বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে শীঘ্ৰে আইনসংগত ব্যৱস্থা গ্ৰহনৰ দাবী বৰপেটা জিলা কংগ্ৰেছৰ (Congress demands legal action against Sherman Ali Ahmed) ৷ বৰপেটা ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে সংবাদমেল সম্বোধন কৰি কলে- ‘‘বিধায়ক পদটোহে সন্মানীয়; কিন্তু মই বাঘবৰৰ বিধায়ক ব্যক্তিজনক সন্মানীয় বুলি কবলৈ বিচৰা নাই ৷ সত্ৰক অপমান আৰু অসন্মান কৰাতো এজন মুছলমান হিচাপে আঘাত পাইছো ৷’’ এই কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে গৰিহনা জনলে বৰপেটা জিলা কংগ্ৰেছে ৷ সত্ৰৰ মাটি ৰক্ষণাবেক্ষণ দিয়াতো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি কৈ তাৰ বিপৰীতে সত্ৰৰ খুটি লঠিয়াই অপমান কৰা কাৰ্যক জিলা কংগ্ৰেছে মানি নলয় বুলিও কয় আব্দুৰ ৰহিম খানে ৷