বৰপেটাৰোড,6 ডিচেম্বৰ : শনিবাৰে অন্ত পৰিল বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য ৷ বাক্সাৰ মথনগুৰিতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ লগতে এআইইউডিএফৰ নেতা তথা জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামসহ কেইবাগৰাকী নেতাই এআইইউডিএফৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ।
প্ৰচাৰ সভাত বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ভোট কোনো উৎসৱ নহয় বুলি মন্তব্য় কৰে ৷ তেওঁ কয় যে, ‘‘এই ভোটত কোন দল হাৰিল, কোন দল জিকিল সেইটো ডাঙৰ কথা নহয় । প্ৰতিটো ভোটৰ লগত নৱপ্ৰজন্মৰ ভৱিষ্যৎ আৰু সমাজৰ শান্তি জড়িত হৈ আছে ৷ বিজেপি-বিপিএফ সকলো একেই ৷ ইয়াতে গালি পাৰিছে, কিন্তু দিছপুৰত একেলগে চৰকাৰ চলাইছে ৷ বিটিচি এলেকাত সংঘটিত হোৱা গোষ্ঠী-সংঘৰ্ষৰ সময়ত কংগ্ৰেছৰ বাহিৰে কোনো দল ইয়ালৈ অহা নাছিল’’ ৷
মথনগুৰিত কংগ্ৰেছ-এআইইউডিএফ আনহাতে, কংগ্ৰেছ-এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰত বাধা দিয়াসকলক নাম নোলোৱাকৈ সকিয়াই দি বিৰোধী দলৰ উপ দলপতি গৰাকীয়ে ভোটাৰ ৰাইজক সচেতনতাৰে বিবেক ভোট দিবলৈ আহ্বান জনায় ৷ লগতে বিটিচিত বিজেপিতকৈ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটে পাঁচখনতকৈ অধিক আসন পাব বুলি দাবী কৰে ।
তেওঁ কয় যে, ‘‘এই সময়ত ৰাইজে সিদ্ধান্ত ল’ব কাক ভোট দিব লাগিব । কাক ভোট দিলে আমি মিলি-জুলি থাকিব পাৰিম ৷ এইবাৰ বড়ো-অবড়ো সকলোৱে এই সিদ্ধান্ত লৈছে ৷ বিটিচিৰ চাবি কংগ্ৰেছ-এআইইউডিএফৰ হাতত থাকিব’’ ৷ প্ৰচাৰ সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিপিএফ আৰু বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি ভোটাৰ ৰাইজক সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক :সোমবাৰে বহু প্ৰতীক্ষিত বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ