অসম

assam

ETV Bharat / state

কাৰেন্ট লাগিছে হিমন্তৰ গাত, সেয়ে নাচিছে : আজমল

২০ নং মথনগুৰি সমষ্টিৰ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফৰহাদ আলীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ আৰু এআইইউডিএফ নেতৃত্বই ৷ সভাত উপস্থিত এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ ৷

By

Published : Dec 4, 2020, 9:16 PM IST

btc election
btc election

বৰপেটাৰোড, 4 ডিচেম্বৰ : বাক্সাৰ মথনগুৰি সমষ্টিত কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী সভা ৷ সভাত উপস্থিত এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ ৷ ২০ নং মথনগুৰি সমষ্টিৰ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফৰহাদ আলীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় নেতাকেইজনে ৷

কাৰেন্ট লাগিছে হিমন্তৰ গাত সেয়ে নাচিছে : আজমল

আজমল ফাউণ্ডেচনে বহিঃদেশৰ সন্ত্ৰাসবাদীৰ সম্পৰ্কযুক্ত ধন ব্যৱহাৰ কৰা বুলি "লিগেল ৰাইটচ অৱজাৰভেটৰী" নামৰ সংস্থাটোৱে অভিযোগ উত্থাপন কৰা সম্পৰ্কত বদৰুদ্দিন আজমলে কয় যে আৰ এছ এছ পৰিচালিত সংস্থা বাবেই উক্ত সংগঠনটোৱে মিছা প্ৰচাৰ কৰিছে ৷ ইপিনে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনেও সংবাদ মাধ্যমযোগে বিজেপি চৰকাৰে জনবিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক :বিটিচিৰ মথনগুৰি সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details