বৰপেটা,27 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বৰপেটাত কংগ্ৰেছত খহনীয়া আৰম্ভ । শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা বৰপেটা জিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি ধীৰাজ দেউৰীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে । ইতিমধ্যে দেউৰীয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ অধীক্ষকৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিছে । দলত্যাগ কৰি দেউৰীয়ে কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে । বৰ্তমান দলটো অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা আৰু ৰকিবুল হুছেইন কোম্পানীত পৰিণত হৈছে বুলি বৰপেটাত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দেউৰীয়ে ।
ইয়াৰোপৰি, পঞ্চায়ত, লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থিত্বৰ টিকট টকাৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি-আদৰ্শ ধ্বংস কৰিছে । হিন্দু বা অসমীয়াৰ কংগ্ৰেছত স্থান নাই, অসম কংগ্ৰেছ বৰ্তমান সাম্প্ৰতিক দল ।