বৰপেটা, ২৪ মাৰ্চ:বৰপেটাৰ হাউলীত বুধবাৰে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ৷ কাৰ্যালয় মুকলিৰ সমান্তৰালকৈ বৰপেটাত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে যুঁজত নামিছে আমছুৰ প্ৰাক্তন সভাপতি, যুৱনেতা আব্দুৰ ৰহিম আহমেদ ৷ ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বৰপেটাত প্ৰতিদ্বন্দিতা কৰা আব্দুৰ ৰহিম আহমেদে কংগ্ৰেছ-এআইইউডিএফৰ মাজত হোৱা ভোট বিভাজনৰ বাবে অগপৰ গুনীন্দ্ৰ নাথ দাসৰ হাতত প্ৰায় ৫ হাজাৰ ভোটত পৰাজিত হ'বলগীয়া হৈছিল ৷
কিন্তু বৰপেটা সমষ্টিৰ এইবাৰৰ নিৰ্বাচনী পৰিৱেশ সম্পূৰ্ণ পৃথক ৷ মহাজোঁটৰ সমৰ্থনত বৰপেটা সমষ্টিত নিৰ্বাচনত নমা কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদে কংগ্ৰেছৰ লগতে এআইইউডিএফ, বিপিএফৰো সমৰ্থন পাবলৈ সক্ষম হোৱাৰ ফলত বৰপেটাত ৰহিম আহমেদৰ বিজয় ১০০ শতাংশ নিশ্চিত হৈ পৰিছে ৷ সেয়ে প্ৰাৰ্থীগৰাকীৰ মতে ৰাজ্যৰ অন্যান্য সমষ্টি সমূহৰ দৰে বৰপেটাত শুনিবলৈ পোৱা নাযায় খেলা হবে'ৰ শ্লোগান ৷ তাৰ বিপৰীতে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে কয় যে বৰপেটাত খেলা নহয়, বৰপেটাত মেলা হ'ব আৰু ইতিমধ্যে মেলা চলিয়েই আছে ৷