অসম

assam

By

Published : Mar 19, 2022, 8:33 PM IST

ETV Bharat / state

সামৰণি পৰিল বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ

সামৰণি পৰিল চাৰিদিনীয়াকৈ আৰম্ভ হোৱা বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ (Barpeta Satra Doul Utsav) ৷ শনিবাৰে বৰপেটা সত্ৰত পালন কৰা হয় সুঁৱেৰী উৎসৱ ৷ আবিৰৰ ৰঙত ৰঙীন হৈ পৰা সত্ৰনগৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰেৰে ৷

Barpeta Satra Doul Utsav
সামৰণি পৰিল বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ

বৰপেটা, ১৯ মাৰ্চ: বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে চাৰিদিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱৰ শনিবাৰে সামৰণি পৰিল (Barpeta Satra Doul Utsav)৷ আজি বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ (Suweri of Barpeta Satra) ৷ ৰঙে ৰঙে একাকাৰ হৈ পৰিল সত্ৰনগৰী বৰপেটা ৷ আবিৰৰ ৰঙত ৰঙীন হৈ পৰা সত্ৰনগৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰেৰে ৷

বৰপেটাৰ প্ৰাণৰ উছৱ, মনৰ উছৱ, ৰঙৰ উছৱ দৌল মহোৎসৱৰ আনন্দ উলাহত মতলীয়া হৈ পৰা প্ৰতিজনৰ কন্ঠৰ পৰা নিগৰিত হয় হোলীগীতৰ অমিয়া সুৰ ৷ আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু প্ৰকৃতি বন্দনাৰে মুখৰিত হোলীগীতৰ সুৰত বৈকুন্ঠপুৰীত পৰিনত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷ ইপিনে শনিবাৰে আবেলি দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক দুখন দোলাত তুলি গায়ন বায়ন, বুঢ়াসত্ৰীয়া প্ৰমুখ্যে হেজাৰ হেজাৰ ভক্তই কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ লৈ যায় ৷

সামৰণি পৰিল বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ

দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইৰ সৈতে বাৰাদি সত্ৰৰ গোসাইকো দোলাত তুলি কলবাৰী সত্ৰলৈ লৈ যোৱা হয় ৷ ধৰ্মীয় বিশ্বাস আৰু লৌকিক পৰম্পৰাৰে পালিত হৈ অহা মাহজাতীয় শস্য হেকেটা খুৱাই গোসাঁইক কলবাৰী সত্ৰৰ পৰা বৰপেটা সত্ৰৰ দালানৰ সমুখ পোৱাৰ সময়তে সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত হয় বাঁহভঙা কাৰ্য ৷ ইয়াৰ পিচতে গোসাঁইক সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰাই মনিকূট গৃহত প্ৰৱেশ কৰে ৷ গোসাঁই মনিকূটত প্ৰৱেশৰ লগে লগে সামৰণি পৰে সত্ৰনগৰী বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱৰ ৷

লগতে পঢ়ক:দৌল উৎসৱত অংশ লৈ জৰ্জিয়াৰ ৰাষ্ট্ৰদূতে ক’লে, ''কলিয়া বাবা কি জয়''

ABOUT THE AUTHOR

...view details