জনীয়া, ২৫ জুলাই: মহামাৰী ক'ৰণা নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ সকলো চহৰ নগৰ তথা ব্যস্ত বজাৰ সমূহৰ দৰে কলগাছিয়াতো বলবৎ কৰা হৈছিল শনি আৰু দেওবাৰৰ দুদিনীয়া সম্পূৰ্ণ লক ডাউন । ফলত শনিবাৰৰ প্ৰথম দিনটোৰ লক ডাউনত সম্পূৰ্ণ জনশূন্য হৈ পৰিল কলগাছিয়া সাপ্তাহিক বজাৰ খন। কলগাছিয়া বজাৰত দোকান পোহাৰ সম্পূৰ্ণ ভাৱে বন্ধ ৰাখি সকলোৱে পালন কৰিলে চৰকাৰী নিৰ্দেশনা ।
কলগাছিয়া সাপ্তাহিক বজাৰতো দুদিনীয়া সম্পূৰ্ণ লক ডাউনৰ সৰ্বাত্মক প্ৰভাৱ - responsibility
ৰাজ্যৰ অন্যান্য চহৰ নগৰ তথা অধিক ভিৰ হোৱা বজাৰ সমূহৰ সমূহৰ দৰে বৰপেটা জিলাৰ কলগাছিয়া সাপ্তাহিক বজাৰতো সম্পূৰ্ণ লক ডাউনৰ দুদিনীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । পূৰ্বে ইয়াত প্রতি শনিবাৰে পুৱাৰে পৰা হাজাৰোধিক ক্ৰেতা বিক্ৰেতাৰ ভিৰ হোৱা পৰিৱৰ্তে শনিবাৰৰ সম্পূৰ্ণ লক ডাউনত বজাৰখন হৈ পৰিল জনশূণ্য ।
কলগাছিয়া সাপ্তাহিক বজাৰতো দুদিনীয়া সম্পূৰ্ণ লকডাউনৰ সৰ্বাত্মক প্ৰভাৱ
উল্লেখ্য যে,আগন্তুক পহিলা আগষ্টত উদযাপিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ-উদ-জোহা । কিন্তু ঈদৰ পূৰ্বে কলগাছিয়াৰ সাপ্তাহিক বজাৰৰ লগতে বৰপেটা জিলাৰ সকলো বজাৰ বন্ধ ৰাখি সকলোৱে মহামাৰী ক'ৰণা নিয়ন্ত্ৰণৰ প্ৰতি সচেতন হৈ চৰকাৰী নিৰ্দেশনা পালন কৰি দেখুৱাই দিলে নিজৰ দায়বদ্ধতা ।
লগতে চাওকঃ ভাৰতৰ নতুন কূটনৈতিক নিযুক্তি : চীনৰ সম্প্ৰসাৰণবাদ, তালিবানৰ বিৰুদ্ধে নতুন