অসম

assam

ETV Bharat / state

New born baby death: নৱজাতকৰ মৃত্যুৰ অভিযোগত বৰপেটাৰোড FRU ত উত্তেজনা - Death of a newborn due to lack of treatment

চিকিৎসাৰ অভাৱত এটি নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন বৰপেটাৰোডৰ চিকিৎসালয়ৰ বিৰুদ্ধে(Death of a newborn due to lack of treatment) ৷ চিকিৎসকৰ গাফিলতিৰ ফলত উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে নৱজাতক শিশুটিৰ মৃত্যু ঘটা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰসুতিৰ পৰিয়ালৰ লোকে(Doctor accused of negligence) ৷

complaint of infant death due to negligence of doctor
নৱজাতকৰ মৃত্যুৰ অভিযোগত বৰপেটাৰোড FRUত উত্তেজনা

By

Published : Aug 2, 2022, 2:04 PM IST

বৰপেটাৰোড,২ আগষ্ট:নৱজাতকৰ মৃত্যুক লৈ বৰপেটাৰোড FRU ত উত্তেজনা । উপযুক্ত চিকিৎসাৰ অভাৱত নৱজাতকটিৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে প্ৰসুতিৰ পৰিয়ালৰ লোকে(Death of a newborn due to lack of treatment) । চিকিৎসকে চিকিৎসা প্ৰদানত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি জাঙুৰ খাই উঠিছে পৰিয়ালৰ লোক(Doctor accused of negligence ) ।

জানিব পৰা মতে, ৰপেটাৰোডৰ ফাৰহান আলীৰ পত্নী আছিয়া খাতুনক প্ৰসৱ কৰাবলৈ দেওবাৰে বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে ৷ সোমবাৰে পুৱা প্ৰসুতিগৰাকীক চিকিৎসালয়ৰ কৰ্মৰত চিকিৎসকে সুকলমে প্ৰসৱ কৰাই নৱজাতক শিশুটিক চিকিৎসালয়তেই মাতৃৰ সৈতে ৰাখিছিল চিকিৎসকে ৷ কিন্তু নৱজাতক শিশুটি জন্মৰ কিছু সময় পাছতেই মৃত্যু হোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ লোক ৷

নৱজাতকৰ মৃত্যুৰ অভিযোগত বৰপেটাৰোড FRUত উত্তেজনা

চিকিৎসকৰ গাফিলতিত নৱজাতক শিশুটিৰ মৃত্যু ঘটা বুলিও অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বৰপেটাৰোডৰ চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসকক সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চিকিৎসকগৰাকীয়ে কয় নৱজাতক শিশুটি জন্মৰ পাছত কান্দিছিল আৰু তাৰ পাছত তেওঁ মাকক চমজাইয়ো দিছিল নৱজাতকটিক ৷ হয়তো মাতৃৰ দুগ্ধপান কৰি থকাৰ সময়ত শ্বাসপ্ৰশ্বাস বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰে কৰ্তব্যৰত চিকিৎসকগৰাকীয়ে । তেওঁ লগতে কয় য়ে কি কাৰণত নৱজাতক শিশুটিৰ মৃত্যু ঘটিল সেয়া শিশু বিশেষজ্ঞইহে ভালকৈ কব পাৰিব ৷

ইপিনে প্ৰসুতিগৰাকীৰ স্বামীৰ অভিযোগ যে সেইসময়ত চিকিৎসালয়ত নাছিল কোনো শিশু বিশেষজ্ঞ ৷ নৱজাতক শিশুটি যদি অসুস্থ আছিল তেন্তে কিয় চিকিৎসকে উন্নত চিকিৎসাৰ ব্যৱস্থা নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰসুতিগৰাকীৰ স্বামীয়ে ৷ তাৰোপৰি প্ৰসুতি গৰাকীৰ সৈতে পৰিয়ালৰ কেবাজনো লোক চিকিৎসালয়লৈ অহাৰ বাবে নৱজাতক শিশুটিৰ মৃত্যু ঘটা বুলি চিকিৎসকে প্ৰসুতি গৰাকীৰ পৰিয়ালৰ লোকক অদ্ভুত মন্তব্য কৰাত জাঙুৰ খাই উঠিছে প্ৰসুতি গৰাকীৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:Ganja Seized in Guwahati: যোৰাবাটত গাঞ্জাসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details