জনিয়া, 1 মে': বৰপেটা লক্ষ্মী গেছ এজেঞ্চিৰ অধীনৰ বাংলীপাৰা গাঁৱত ৰন্ধন গেছ যোগান ধৰোঁতা কাজী জানে আলমৰ বিৰুদ্ধে উত্থাপন হৈছে ধন আত্মসাৎ কৰাৰ অভিযোগ । যিসময়ত কেন্দ্ৰীয় চৰকাৰে 800 টকাৰ বিনিময়তৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ কাৰ্ড থকা মহিলাক, উজলা আঁচনিৰ জৰিয়তে ৰন্ধন গেছ যোগান ধৰি আহিছে তেনে সময়তে বাংলীপাৰা গাঁৱৰ কাজী জানে আলম নামৰ ব্যক্তিগৰাকীয়ে 2700, 2200, 2000 পৰ্যন্ত টকাত গেছ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে হিতাধিকাৰীৰ মুখত ।
জনিয়াত উজলা আঁচনিৰ গেছ যোগানত ব্যাপক অনিয়মৰ অভিযোগ - উজ্বলা আঁচনিৰ গেছ যোগানত ব্যাপক অনিয়মৰ অভিযোগ
উজলা আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলক গেছ যোগানৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে, বৰপেটা লক্ষ্মী গেছ এজেঞ্চিৰ অধীনৰ বাংলীপাৰা গাঁৱত ৰন্ধন গেছ যোগান ধৰোঁতা কাজী জানে আলমৰ বিৰুদ্ধে ।
লক্ ডাউনৰ সময়ত দৰিদ্ৰ লোকসকলৰ ৰন্ধন গেছ ক্ৰয়ৰ ক্ষেত্ৰত হ'ব পৰা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে, উজলা আঁচনিৰ জৰিয়তে গেছৰ হিতাধিকাৰীৰ বেংক একাউন্টত তিনি মাহৰ কাৰণে তিনিটা কিস্তিত 777 টকাকৈ জমাও কৰিছে । কিন্তু জানে আলমে 10-12 গৰাকী লোকৰ বাদে কোনো লোকৰে একাউন্টত ধন জমা নকৰাৰো অভিযোগ পোৱা গৈছে । উল্লেখ্য যে, হিতাধিকাৰীৰ একাউন্টৰ নম্বৰ খেলিমেলি কৰি জানে আলমে দৰিদ্ৰ লোকৰ ধন আত্মসাৎ কৰিছে বুলিও জানিব পৰা গৈছে । কিন্তু এই অভিযোগ কাজী জানে আলমে নস্যাৎ কৰে যদিও, তেওঁ 1400 টকা লোৱা বুলি সাংবাদিকৰ জেৰাত স্বীকাৰ কৰে ।
লগতে পঢ়কঃভালুকৰ সাঙীত পৰিণত চৰকাৰী আঁচনি : জৰাজীৰ্ণ ঘৰতেই আশ্ৰয় দম্পতীৰ