জনীয়া,১০ ডিচেম্বৰ:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰাপ্য চাউল প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । কিন্তু ইয়াৰ মাজতে একাংশ সুলভ মূল্যৰ দোকানৰ দোকানীয়ে চলাই গৈছে ব্যাপক দুৰ্নীতি । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বিজেপি চৰকাৰক অঙ্গুষ্ঠ দেখুৱাই চৰকাৰী সুলভ মূল্যৰ দোকানী আশাদুল ইছলামে চলাই আহিছে ব্যাপক দূৰ্নীতি । আশাদুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে গ্ৰাহকক চাউল অন্যায়ভাৱে কমকৈ দিয়াৰ । বৰপেটা জিলাৰ বালিকুৰিৰ চানপুৰ গাঁৱৰ ৰেজিষ্টাৰ নং BSM NO-2203/63/50 সুলভ মূল্যৰ দোকানৰ দোকানী আশাদুল ইছলামে গ্ৰাহকৰ চাউল আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে ।
উল্লেখযোগ্য যে সুলভ মূল্যৰ দোকানী আশাদুল ইছলামে মুখ্যমন্ত্ৰীৰ নীতি-নিৰ্দেশনাকো কেৰেপ নকৰি প্ৰতিজন হিতাধিকাৰীৰ পৰা ১ ৰ পৰা ২ কেজি চাউল কমকৈ দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে । এই বিষয় হিতাধিকাৰীয়ে আপত্তি দৰ্শোৱাত সুলভ মূল্যৰ দোকানীয়ে অমাৰ্জিত ব্যৱহাৰ কৰাৰ লগতে দোকানৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে ।