অসম

assam

ETV Bharat / state

চিকিৎসকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

কৰ্মৰত নাৰ্চক অসৎ ইংগিত দিয়াৰ অভিযোগ জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে ৷ উচ্চপদস্থ বিষয়াৰ হস্তক্ষেপত গাপ দিয়া হয় ঘটনা ৷

যৌন নিৰ্যাতনৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে

By

Published : Sep 8, 2019, 2:57 PM IST


বৰপেটা, 8 চেপ্টেম্বৰঃ বৰপেটা জিলাৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ত যৌন নিৰ্যাতনৰ ঘটনা ৷ এগৰাকী নাৰ্চক অশালীন প্ৰস্তাব দিয়াৰ লগতে শৰীৰৰ গোপন অংগত হাত দিয়াৰ অভিযোগ চিকিৎসালয়খনৰ খণ্ড আঁচনি বিষয়া ডাঃ আতোৱাৰ ৰহমানৰ বিৰুদ্ধে ৷ ঘটনাৰ বিৱৰণী মতে, নাৰ্চগৰাকীৰ জুলাই মাহৰ দৰমহা বন্ধ হৈ থকাৰ বাবে চিকিৎসকগৰাকীৰ ওচৰলৈ গৈছিল নাৰ্চগৰাকী ৷ তেতিয়াই দৰমহা মোকলাই দিয়াৰ বিনিময়ত চিকিৎসকগৰাকীয়ে নাৰ্চগৰাকীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ নাৰ্চগৰাকীৰ ৷ চিকিৎসকগৰাকীৰ এনে কাৰ্যৰ পিচতেই নাৰ্চগৰাকীয়ে মন্দিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ গুৰুত্বপূৰ্ণ যে, বৰপেটা জিলাৰ এএনএম নাৰ্চ সন্থাই চিকিৎসকগৰাকীৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ , প্ৰায়ে কৰ্মৰত নাৰ্চক অসৎ ইংগিত দিয়ে চিকিৎসকগৰাকীয়ে ৷ একমাত্ৰ উচ্চপদস্থ বিষয়াৰ হস্তক্ষেপত পূৰ্বৰ সকলো ঘটনা গাপ দিয়া বুলি মন্তব্য নাৰ্চ সন্থাৰ সম্পাদিকাৰ ৷ অবশ্যে চিকিৎসকগৰাকীয়ে অস্বীকাৰ কৰিছে এই সকলো ঘটনা ৷ নাৰ্চগৰাকীৰ এনে অভিযোগক লৈ মৰ্মাহত চিকিৎসকগৰাকী ৷

চিকিৎসকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

ABOUT THE AUTHOR

...view details